Raas Mahotsav 2022: টিহুত ৰাস মহোৎসৱৰ শুভাৰম্ভ - টিহুত ৰাস মহোৎসৱৰ শুভাৰম্ভ
🎬 Watch Now: Feature Video
ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাসক লৈ ব্যাপক উছাহ উদ্দীপনা (Raas Mahotsav 2022) । উজনি-নামনি সকলোতে ৰাসৰ আয়োজন কৰা হৈছে । প্ৰতিবছৰৰ দৰে এইবাৰো নলবাৰী জিলাৰ টিহুত ব্যাপকভাৱে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে (Tihu Raas festival)। জিলাখনৰ টিহুত ১১ দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭০ সংখ্যক টিহু বাৰোৱাৰী ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে । সোমবাৰে হাটখোলাৰ ৰাস মহোৎসৱৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰণজিৎ কুমাৰ দাসে (Ranjit Kumar Dass inaugurates Raas Mahotsav in Tihu)। ৰাস মহোৎসৱ উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে সকলো ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰে । ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি টিহু নগৰৰ মাজেৰে বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰি এক সাংস্কৃতিক শোভযাত্ৰাও উলিওয়া হয় । সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে অসম সাহিত্য সভাৰ কৰ্মশ্ৰী বঁটা প্ৰাপক বাণী কলিতাই ।
Last Updated : Feb 3, 2023, 8:31 PM IST