১৭ জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড প্ৰদানৰ নামত এটা সমষ্টিৰ ৭ খনকৈ সভাত অংশ ল'ব এজন মন্ত্ৰীয়ে : ৰণজিৎ কুমাৰ দাস
🎬 Watch Now: Feature Video
ডিব্ৰুগড়, ২৯ ডিচেম্বৰ : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে যেন অধিক তৎপৰ হৈছে শাসক দল বিজেপি । পঞ্চায়তে পঞ্চায়তে ঘূৰিছে কেবিনেট মন্ত্ৰীসকল । লোকসভা নিৰ্বাচনৰ লক্ষ্যৰে এটাৰ পাচত আন এটা কাৰ্যসূচী ঘোষণা কৰি ৰাইজৰ কাষ চাপিছে শাসক দল বিজেপি । ৰাজ্যজুৰি চলি আছে শাসক দল বিজেপিৰ বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী ।
পঞ্চায়তে পঞ্চায়তে অনুষ্ঠিত এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা ৰাজ্যৰ কেবিনেট পৰ্যায়ৰ মন্ত্ৰী, বিধায়কে অংশগ্ৰহণ কৰি ৰাইজৰ মনৰ কথা বুজ লৈছে । ইয়াৰ মাজতে পুনৰ ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ডিব্ৰুগড়ৰ এখন সভাত অংশগ্ৰহণ কৰি বৃহস্পতিবাৰে ঘোষণা কৰিলে ১৭ জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড প্ৰদানৰ নামত এটা সমষ্টিৰ ৭ খনকৈ সভাত অংশ ল’ব ।
উল্লেখ্য যে, ১৭ জানুৱাৰীত ৪২ লাখ ৮৫ হাজাৰ লোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব ৰাজ্য চৰকাৰে । সেই ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত সমষ্টিয়ে সমষ্টিয়ে অনুষ্ঠিত কৰিবলৈ পৰিকল্পনা কৰিছে । মুঠৰ ওপৰত বিজেপিৰ এটাৰ পাচত আন এটা কাৰ্যসূচীয়ে বিপাঙত পেলাইছে বিৰোধীক । লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত পঞ্চায়তে পঞ্চায়তে সভা পাতি শাসক দল বিজেপিয়ে বিৰোধী দলসমূহৰ সুযোগ শূণ্য কৰি তোলাত নামি পৰিছে ।
লগতে পঢ়ক : আলফা(স্বা)ক সমৰ্থন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী