Teok sutal bihu: টীয়কত চোতাল বিহু উদযাপনেৰে যুৱ প্ৰজন্মই ধৰি ৰাখিছে বিহুৰ স্বকীয়তা - Assamese Rangali Bihu
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18218496-thumbnail-16x9-kalfootpeoplearrpsbihu.jpg)
টীয়ক, 10 এপ্ৰিল : সমাগত ৰঙালী বিহু । অসমৰ গাঁৱে-ভূঞে এতিয়া সকলো ব্যস্ত ৰঙালী বিহুক আদৰাত (Assamese Rangali Bihu) । ব্যতিক্ৰম নহয় টীয়কতো । টীয়কৰ বিভিন্ন স্থানত হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ ৰাইজৰ মাজত দেখা গৈছে ব্যাপক ব্যস্ততা । ইয়াৰ মাজতে টীয়কৰ জগদুৱাৰ অঞ্চলত এচাম চেমনীয়াৰে গঠিত বিৰিণা হুঁচৰি দলৰ বিহুৱা সকলক চোতাল বিহুৰ আখৰাত ব্যস্ত হৈ পৰা দেখা গৈছে ।
টীয়কত এচাম চেমনীয়া ব্যস্ত চোতাল বিহুৰ আখৰাত৷ যি সময়ত হুঁচৰি দলসমূহে মঞ্চ তথা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে আখৰাত ব্যস্ত হৈ আছে ৷ সেই সময়ত জগদুৱাৰ অঞ্চলৰ এইসকল যুৱক-যুৱতীয়ে বিহুত গৃহস্থৰ চোতালত বিহু মাৰি আৰ্শীবাদ দিয়াৰ যি পৰম্পৰা সেই পৰম্পৰা অব্যাহত ৰখাৰ উদ্দেশ্যে এতিয়া চোতালত হুঁচৰিৰ আখৰাত ব্যস্ত থকা পৰিলক্ষিত হৈছে (Teok sutal bihu) ।
ইপিনে আখৰাতে জাতীয় সাজপাৰ পৰিধান কৰি বিহুৰ মাদকতা উপভোগ কৰিছে এইসকল চেমনীয়াই । উল্লেখযোগ্য যে, বৰ্তমান আধুনিকতাৰ ধামখুমীয়াত গছ তলৰ বিহু অথবা চোতালৰ বিহু গৈ মঞ্চ পালেগৈ । বছেৰেকৰ বিহুৰ দিনা চোতালত হুঁচৰি জুৰি গৃহস্থক আশীৰ্বাদ প্ৰদানৰ অসমীয়া সমাজৰ যি পৰম্পৰা সেইয়াও প্ৰায় এতিয়া নাইকীয়া হোৱাৰ উপক্ৰম ঘটিছে ৷
তাৰ মাজতে আধুনিকতাৰ লগত খোজ মিলাই বিহু মঞ্চত প্ৰদৰ্শন কৰাৰ সমান্তৰালকৈ এইদৰে গৃহস্থৰ চোতালে চোতালে বিহু মাৰি পূৰ্বৰ ঐতিহ্য ৰক্ষা কৰাৰ স্বাৰ্থত চেমনীয়াসকলক সাজু কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰিছে অভিভাৱক তথা গৃহস্থসকলে ।
লগতে পঢ়ক : Advanced Hotels booking in Guwahati : ৰঙালী বিহুৰ কেইদিনত গুৱাহাটীলৈ আহিলে নাপাব পাৰে হোটেলৰ কোঠা !