লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্বক লৈ আত্মবিশ্বাসী কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী - Lok Sava Election 2023

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 12:20 PM IST

Updated : Dec 10, 2023, 1:12 PM IST

ডিব্ৰুগড়,১০ ডিচেম্বৰ: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহা সময়ত প্ৰতিটো লোকসভা সমষ্টিত শাসকীয় দল বিজেপিৰ লগতে বিৰোধী ৰাজনৈতিক দলসমূহে চলাইছে সাংগঠনিক কাম-কাজ । ডিব্ৰুগড় লোকসভা সমষ্টিত বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়েও আৰম্ভ কৰিছে সাংগঠনিক কুচ-কাৱাজ । ডিব্ৰুগড়ত বিজেপি শক্তিশালী হৈ থকাত লোকসভা নিৰ্বাচনক লৈ আত্মবিশ্বাসী কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ।  

উজনি অসমৰ দুলীয়াজান সমষ্টিৰ পৰা বিধায়ক হিচাপে বিজেপিৰ প্ৰথম খাটা খোলাজন মই আছিলো বুলি উল্লেখ কৰি ২০২৪ ৰ লোকসভাত মই টিকট পোৱাতো নিশ্চিত বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । ডিব্ৰুগড়ৰ সমীপৰ চহৰীকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি নিশা কেন্দ্ৰীয় মন্ত্ৰীজনে সাংবাদিকৰ আগত কয় যে, বিৰোধী এক লগ হ'লেও কোনো কাম নাই । তৃতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোডী । এই কথা পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলতে ওলাই পৰিছে । ভাৰত চৰকাৰ বা অসম চৰকাৰে যি বিলাক আঁ‌চনি লৈছে সেইবাবেই ২০২৪ ৰ লোকসভা নিৰ্বাচনত বিজেপিয়েই জয় লাভ কৰিব ।

লগতে পঢ়ক: ঋণৰ পাচত ঋণ লৈ চৰকাৰে বোজা জাপি দিছে ৰাইজৰ ওপৰত: মনোজ ধানোৱাৰ

Last Updated : Dec 10, 2023, 1:12 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.