অসম লোকসেৱা আয়োগৰ পৰীক্ষাত প্ৰথম প্ৰয়াসতেই সফল নাওজানৰ ৰমেন দত্ত - APSC Competitive Exam

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 5:06 PM IST

সৰুপথাৰ, 18 জানুৱাৰী : বুধবাৰে ঘোষিত হ'ল বহুপ্ৰত্যাশিত অসম লোকসেৱা আয়োগৰ 2022 বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ৷ অসমৰ প্ৰান্তে প্ৰান্তে সফলতাৰে জিলিকিল আশাৰে বাট চাই ৰোৱা একাংশ প্ৰাৰ্থী ৷ কঠোৰ পৰিশ্ৰম, অধ্যৱসায়ৰ বলত এই পৰীক্ষাত সফলতা আজুৰিবলৈ সক্ষম হ’ল একাংশ ৷  

সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ধনশিৰিৰ ৰমেন দত্তৰ লগতে জিলিকিল 7 গৰাকীকৈ প্ৰাৰ্থী ৷ ধনশিৰি মহকুমাৰ 7 গৰাকীয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ ধনশিৰি মহকুমাৰ 7 গৰাকীকৈ ক্ৰমে- অসম অসামৰিক সেৱাৰ পঞ্চম স্থানত বৰপথাৰ কৰ্দৈগুৰিৰ বিভূতি সন্দিকৈ, নাওজানৰ ৰমেন দত্ত (খণ্ড উন্নয়ন বিষয়া), সৰুপথাৰ খনিকৰ গাঁৱৰ পলাশী বৰা (অ'ডিট অফিচাৰ), সৰুপথাৰ পদুমণিৰ সুৰজ দুৱৰা (অ'ডিট অফিচাৰ), চুঙাজানৰ অজয় কুমাৰ কাৰ্কী চেত্ৰী (খণ্ড উন্নয়ন বিষয়া), বৰপথাৰৰ চাংপুলৰ অ'ডিট অফিচাৰ হিচাপে নিৰ্বাচিত হোৱা হিম কুমাৰ ঘিমিৰে, নাওজানৰ দৰ্শন উপাধ্যায় (শ্ৰম পৰিদৰ্শক) হিচাপে সফলতা লাভ কৰে ৷ 

লগতে পঢ়ক : APSC পৰীক্ষাত উজলিল বডোফা ইউএন ব্ৰহ্ম ছুপাৰ ফিফটিৰ ৭ গৰাকী প্ৰাৰ্থী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.