Constituency delimitation:মাজুলী সমষ্টি যোৰহাটৰ লগত থাকিলেও একো উন্নতি নহয়:ৰাজীৱ লোচন

By

Published : Jul 3, 2023, 3:48 PM IST

thumbnail

মাজুলী,৩ জুলাই: এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পর্কত মন্তব্য প্ৰকাশ কৰিছে মাজুলীৰ প্ৰাক্তন বিধায়ক ৰাজীৱ লোচন পেগুৱে । তেওঁ কয় যে মাজুলী সমষ্টি যোৰহাটৰ লগত থাকিলেও বা লখিমপুৰৰ লগত থাকিলে একো উন্নতি নহয় । মাজুলীৰ সমস্যা সদায় সমস্যা হৈয়ে থাকিব । মাজুলী সমষ্টি যোৰহাট লোকসভাৰ লগত চামিল হোৱাত একপ্ৰকাৰে কিছু দুখ পালেও দলঙ খন হ'লে ইয়াৰ সুফল পোৱা যাব বুলি উল্লেখ কৰি তেওঁ খৰধৰকৈ সমষ্টি পুনৰ নিৰ্ধাৰণত অসন্তুষ্টি প্ৰকাশ কৰে ।  

ইফালে, মাজুলী সমষ্টিক সংৰক্ষণ মুক্ত কৰাৰ দাবী সন্দৰ্ভত প্ৰাক্তন বিধায়ক গৰাকীয়ে কয়," সংৰক্ষণক লৈ কোনোবাই প্ৰতিবাদ কৰিছে । মই ভাবো সেয়া অজ্ঞতাৰ বাবে কৰিছে। ই সংবিধানৰ মতে হয়। "মাজুলী জনজাতি সংৰক্ষিত সমষ্টি হৈছে সেয়া জনজাতীয় জনসংখ্যাৰ ভিত্তিতহে । গতিকে ইয়াক লৈ জনজাতীয় অ-জনজাতীয় দুভাগ হোৱাটো ভাল হোৱা নাই বুলি তেওঁ উল্লেখ কৰে ।  

তেওঁ কয়,"সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বিজেপিৰ নেতা-মন্ত্ৰী সকলৰ কিছুমান মন্তব্যই কিছুমান কথা ভাবিবলৈ বাধ্য কৰাইছে । ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে গৌৰৱ গগৈয়ে এইবাৰ কেনেকৈ জিকে চাওঁ বুলি কোৱা কথাই সমষ্টি পুনৰ নিৰ্ধাৰণ নিৰ্বাচন আয়োগে কৰা নাই বিজেপি দলেহে যেন কৰিছে তেনে লাগিছে । শিয়ালৰ দৰে ভাবিছে ভবেশ কলিতাই  " বুলি মন্তব্য প্ৰাক্তন বিধায়কগৰাকীৰ ৷ 

লগতে পঢ়ক:Burmese supari syndicate: বাৰ্মিজ চুপাৰী ছিণ্ডিকেটত জড়িত নহয় আৰক্ষী: বিধায়ক নিজামউদ্দিনৰ অভিযোগ খণ্ডন হাইলাকান্দি আৰক্ষীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.