thumbnail

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 2:07 PM IST

Updated : Nov 25, 2023, 3:25 PM IST

ETV Bharat / Videos

ৰাজস্থানত সপত্নীক ভোটাধিকাৰ সাব্যস্ত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ

নেশ্যনেল ডেস্ক,২৫ নৱেম্বৰ : ৰাজস্থানত ১৯৯ খন বিধানসভা আসনত ভোটদান চলি আছে । অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াইও পত্নীৰ সৈতে উদয়পুৰৰ হাউচিং ব'ৰ্ড চেক্টৰ ১১ত ভোটদান কৰে । সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় যে গণতন্ত্ৰৰ এই মহান উৎসৱত সকলো ভোটাৰে ভোট দিব লাগে । জনসাধাৰণৰ ভোট বাকচটোৱে সিদ্ধান্ত ল'ব যে পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে ৰাজ্যখনৰ বিকাশ কৰিব ।

তেওঁ লগতে কয় যে ভোটদানৰ অধিকাৰ সাধাৰণ নাগৰিকৰ দৰেই ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালৰো আছে । সেয়েহে তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ তাত উপস্থিত হৈছে । অসমৰ ৰাজ্যপালগৰাকীৰ মতে এটা ভোটৰ মূল্য বহুত । গুলাব চান্দ কাটাৰীয়াৰ মতে যিসকলে ৰীতি-নীতি সলনি কৰাৰ কথা কয় তেওঁলোকৰ সন্মুখত তেওঁ যোৱা ৪০ বছৰ ধৰি ৰাজনীতি কৰি আহিছে ।

লগতে পঢ়ক :১৯৯ খন আসনৰ বাবে পুৱাৰে পৰা আৰম্ভ ৰাজস্থান বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

Last Updated : Nov 25, 2023, 3:25 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.