তেজস্বিতাৰ বাসগৃহৰ পৰা মাজুলীত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবী তুলিলে ৰাইজৰ দলে - মাজুলীত এখন চিকিৎসা মহাবিদ্যালয়ৰ দাবী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16605819-thumbnail-3x2-duhjsd.jpg)
যোৱা বুধবাৰে অকাল মৃত্যুক সাৱটি লোৱা মাজুলীৰ উদীয়মান কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ(Singer Tejaswita Baruah) বাসগৃহত সোমবাৰে উপস্থিত হয় ৰাইজৰ দলৰ এটা সঁজাতি দল (Raijor Dal emissary in Majuli)। তেজস্বিতা বৰুৱাৰ পিতৃৰ পৰা শোকাৱহ ঘটনাটোৰ বুজ লয় ৰাইজৰ দলৰ সঁজাতি দলটোৱে । কণ্ঠশিল্পীগৰাকীৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰে ৰাইজৰ দলৰ সজাতি দলটোৱে । ইফালে মাজুলীত এখন চিকিৎসা মহাবিদ্যালয়ৰ দাবীত ৰাইজৰ দলে 1 লাখ গণ স্বাক্ষৰ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে (Demands medical college in Majuli)। এই গণ স্বাক্ষৰৰ এটা এটা প্ৰতিলিপি ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰী, স্বাস্থমন্ত্ৰীলৈ প্ৰৰণ কৰি মাজুলীত এখন চিকিৎসা মহাবিদ্যালয়ৰ দাবী জনাব ৰাইজৰ দলে । ৰাইজৰ দলৰ এই স্বাক্ষৰ অভিযানৰ প্ৰথমটো চহী তেজস্বীতা বৰুৱাৰ পিতৃৰ পৰা গ্ৰহণ কৰে ।
Last Updated : Feb 3, 2023, 8:29 PM IST