PMAY scheme : মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে চৰকাৰী ঘৰ পালে ৰফিকুলে - CM orders allotment of government houses
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-17729617-thumbnail-4x3-rafi-009-aspera.jpg)
মাণিকপুৰ,১১ ফেব্ৰুৱাৰী : অৱশেষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ পালে ৰফিকুল ইছলামে । চৰকাৰী গৃহৰ আধাৰশিলা স্থাপন কৰাৰ লগে লগে আনন্দিত বিশেষভাৱে সক্ষম যুৱকজন (Mentally challenged Rafiqul gets PMAY house)। মুখ্যমন্ত্ৰীৰ লগতে পঞ্চায়তৰ বিষয়ববীয়াকো ধন্যবাদ জ্ঞাপন কৰিলে ৰফিকুল ইছলামে ।
উল্লেখ্য যে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত বালাৰপেট গাঁৱৰ ৰফিকুল ইছলাম বিশেষভাৱে সক্ষম । কিন্তু ৰফিকুলৰ দৰিদ্ৰ পৰিয়ালটো ইমান দিনে চৰকাৰী আঁচনি লাভৰ পৰা বঞ্চিত হৈ আছিল । বিশেষকৈ ৰফিকুলৰ দৰিদ্ৰ পৰিয়ালটোৱে চৰকাৰী গৃহ লাভৰ পৰাও বঞ্চিত হৈ আছিল (Manikpur mentally challenged man gets PMAY house)।
যাৰ বাবে যোৱা ৫ ডিচেম্বৰত বঙাইগাঁৱত এক অনুষ্ঠানত ৰফিকুলে চৰকাৰী গৃহ আৱণ্টনৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কাতৰ অনুৰোধ জনাইছিল । ৰফিকুলৰ আবেদনৰ ভিত্তিত মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তক বিষয়টো অনুসন্ধান কৰি তেওঁক চৰকাৰী গৃহ আৱণ্টনৰ বাবে নিৰ্দেশ দিছিল (CM orders allotment of government houses)। সেই নিৰ্দেশৰ পাছতে উপায়ুক্তৰ লগতে পঞ্চায়তৰ বিষয়ববীয়াই বিষয়টো অনুসন্ধান কৰাৰ লগতে ৰফিকুলৰ বাসগৃহত উপস্থিত হৈছিল ।
অৱশেষত ৰফিকুল ইছলামৰ নামত এটা চৰকাৰী ঘৰ আৱণ্টন দিয়া হয় আৰু শনিবাৰে এই ঘৰৰ আধাৰশিলা স্থাপন কৰে স্থানীয় পঞ্চায়ত সভাপতি ৰমজান আলীয়ে । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আৱণ্টন হোৱাৰ লগে লগে আনন্দিত হৈ পৰিছে ৰফিকুল ইছলাম । সংবাদমাধ্যমৰ লগতে পঞ্চায়তৰ বিষয়ববীয়া আৰু অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিলে ৰফিকুলে ।
TAGGED:
চৰকাৰী ঘৰ পালে ৰফিকুলে