Rabindranath Tagore Jayanti 2023: ডিফুত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 162 সংখ্যক জন্মজয়ন্তী উদযাপন - কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 9, 2023, 10:06 PM IST

ডিফু, 9 মে': সমগ্ৰ দেশৰ লগতে আজি অসমৰো বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 162 সংখ্যক জন্মজয়ন্তী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিফুতো আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্বকবি তথা কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 162 সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হয় ৷ জন্মজয়ন্তী উপলক্ষে আজি পুৱাৰ ভাগত ডিফু বাংলা সাহিত্য কলা আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত আৰু সংগঠনটোৰ সাংগঠনিক সম্পাদক প্ৰদীপ কৰৰ প্ৰত্যক্ষ তত্বাৱধানত ডিফুৰ শ্ৰী শ্ৰী শীতলা বাড়ীৰ পৰা ডিফু চহৰৰ মাজেৰে ডিফু ক্লাৱলৈ এক বিশাল শোভাযাত্ৰা উলিওৱা হয় (Rabindranath Tagore Jayanti 2023) ৷

বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শীতলাবাড়ী কাৰ্যকৰী সমিতি, ভাৰত সেৱাশ্ৰম, ভাৰত সেৱাশ্ৰম সংঘ, ৰাম কৃষ্ণ সেৱাশ্ৰম, ৰাম ঠাকুৰ সেৱাশ্ৰম, সৎ সংঘ বিহাৰ, অখণ্ড মণ্ডলী আৰু লাহংহিন-বকলীয়াঘাট আঞ্চলিক কালচাৰেল গ্ৰুপে অংশ গ্ৰহণ কৰি এই শোভাযাত্ৰাৰ শোভা বৰ্ধন কৰে ৷ ইয়াৰ পূৰ্বে ডিফু ক্লাৱত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিকৃতিত অনুৰাগীসকলে পুষ্পাঞ্জলীৰে গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে (Rabindranath Tagore Jayanti celebrated in Diphu) ৷  

লগতে পঢ়ক: Shri Shri Madhavdev Kalakhetra: বুধবাৰে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.