Raas Mahotsava 2023: মাজুলীত ৰাস মহোৎসৱৰ ব্যাপক আয়োজন, ভিৰ কৰিছেহি দেশী-বিদেশী পৰ্যটকে - ৰাস মহোৎসৱ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 1:48 PM IST

মাজুলী, 13 নৱেম্বৰ: সমাগত ৰাস মহোৎসৱ । ৰাস মহোৎসৱৰ বাবে এতিয়াৰ উখল মাখল পৰিৱেশে বিৰাজ কৰিছে সত্ৰ নগৰী মাজুলীত । ৰাস মহোৎসৱৰ আয়োজনৰ বাবে এতিয়াৰ পৰা সকলো ব্যস্ত হৈ পৰিছে । ফলত ব্যস্ততা বাঢ়িছে মাজুলীৰ চামগুৰি সত্ৰৰ মুখা শিল্পীসকলৰো । 

লক্ষণীয় যে, মাজুলীৰ চামগুৰি সত্ৰত নিৰ্মাণ কৰা মুখা ৰাসত প্ৰদৰ্শনৰ মাজুলীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তলৈ লৈ যোৱা হয় ৷ ইয়াৰ সমান্তৰালকে চামগুৰি সত্ৰত সোমবাৰে পুৱাই জাৰ্মানীৰ পৰা এটা 33 জনীয়া বিদেশী পৰ্যটকৰ দল উপস্থিত হয় । দলটোৱে প্ৰথমেই আহি চামগুৰি সত্ৰত মুখা নিৰ্মাণ কৰি থকা দৃশ্য উপভোগ কৰে। মুখা নিৰ্মাণৰ লগতে মুখা শিল্প পৰিদৰ্শন কৰি আপ্লুত হয় পৰ্যটকৰ দলটো। 

মুখা শিল্পী পদ্মশ্ৰী ড৹ হেমচন্দ্ৰ গোস্বামীয়ে পৰ্যটকৰ দলটোক আদৰণি জনায়। শৰতৰ আগমনৰ লগে লগে প্ৰতি বছৰে সত্ৰ নগৰী মাজুলীত ভিৰ কৰেহি দেশী-বিদেশী বহু পৰ্যটকে । এইবছৰো ইয়াৰ ব্যতিক্ৰম নহয় ৷ ৰাস পালনামৰ সময়ত অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকে ভিৰ কৰে মাজুলীত । মুখা শিল্পীগৰাকীয়ে জানিবলৈ দিয়া মতে আন বছৰৰ তুলনাত এইবছৰ পৰ্যটকৰ আগমনৰ সংখ্যা বৃদ্ধি হৈছে ।

লগতে পঢ়ক : Elephant menace : শোণিতপুৰত পকা ধান খাই তহিলং কৰিছে বনৰীয়া হাতীৰ জাকে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.