সমাগত ৰাস মহোৎসৱ, দ্বিতীয় বৃন্দাবনলৈ পৰ্যবসিত হৈছে হোজাই বামুনগাঁও - নদী দ্বীপ মাজুলী
🎬 Watch Now: Feature Video


Published : Nov 21, 2023, 7:56 AM IST
হোজাই, 21 নৱেম্বৰ : ৰাস মহোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন । নদী দ্বীপ মাজুলীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততটো ৰাস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে ৷ হোজাই বামুনগাঁৱতো দেখা গৈছে ৰাস মহোৎসৱক লৈ ব্যাপক প্ৰস্তুতি । আখৰাত ব্যস্ত শিল্পী, কলা-কুশলীসকল ৷ উল্লেখ্য যে, 26 আৰু 27 নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে বামুনগাঁও পিপল পুখুৰী জুঠাংবস্তিত ৰাস মহোৎসৱ অনুষ্ঠিত হ’ব ৷ যাৰবাবে অঞ্চলটোৰ নামঘৰ প্ৰাংগণত অনুষ্ঠিত আখৰাত কণ, কণ শিশুৰ পৰা আৰম্ভ কৰি যুৱতীসকলেও অংশগ্ৰহণ কৰিলে ।
কোনোৱে যদি লৈছে শ্ৰীকৃষ্ণৰ ভাও আন কোনোৱে আকৌ লৈছে ৰাধা, গোপী আৰু শংখচূড়ৰ ভাও । বিগত এসপ্তাহ ধৰি নগাঁৱৰ ননৈৰ এগৰাকী প্ৰশিক্ষকৰ তত্বাৱধানত চলিছে এই ৰাসৰ আখৰা । ইফালে খোল-তাল আৰু বাঁহীৰ সুমধুৰ সুৰত যেন দ্বিতীয় বৃন্দাবনলৈ পৰ্যবসিত হৈ পৰিছে আখৰাস্থলী ।
লগতে পঢ়ক:মহিলাৰ ৰহস্যজনক মৃত্যু, পুখুৰীৰ পাৰত মৃতদেহ উদ্ধাৰ