বাক্সাৰ থানগুৰি দেৱচাৰাত ৬ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ ৰাস মহোৎসৱ - ভূমি কেন্দ্ৰিক সমস্যা
🎬 Watch Now: Feature Video


Published : Nov 27, 2023, 7:48 AM IST
বাক্সা, ২৭ নৱেম্বৰ : শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত ৰাজ্য ৷ আঘোণৰ পূৰ্ণিমা অৰ্থাৎ দেওবাৰৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে ৰাস মহোৎসৱ ৷ বাদ পৰি ৰোৱা নাই বাক্সাৰ থানগুৰি দেৱচাৰাও ৷ এইবেলি বাক্সা আঞ্চলিক ৰাস মহোৎসৱ সমিটিয়ে ৬ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে শ্ৰীকৃষ্ণৰ ৰাসলীলা ৷
সেই অনুসৰি দেওবাৰে পুৱাই ৭৫ খন পতাকা উত্তোলনেৰে অনুষ্ঠিত হয় ৰাস মহোৎসৱৰ মহাৰজত জয়ন্তীৰ কাৰ্যসূচী । প্ৰথম দিনৰ কাৰ্যসূচীত অংশ লয় বিটিআৰ প্ৰমুখ প্ৰমোদ বড়োৱে । লগতে তেওঁ সমূহ ৰাজ্যবাসীক শ্ৰীকৃষ্ণ ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ এই অনুষ্ঠানতে থানগুৰি দেৱচাৰাৰ ৰাস মহোৎসৱৰ ভূমি কেন্দ্ৰিক সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে বিটিআৰ প্ৰমুখ প্ৰমোদ বড়োৱে ৷
ইপিনে পুৱা ৯ বজাত ৰাস পূজাৰ লগত সংগতি ৰাখি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় ৷ এই শোভাযাত্ৰা মুকলি কৰে অভিনেত্ৰী য্যৌতিশ্ৰী বৈশ্যই ৷
লগতে পঢ়ক : মাজুলীৰ ৰাসত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল; অসমবাসীলৈ ৰাসৰ শুভেচ্ছা