জোনাইৰ ৰামধন দিখাৰী মুক্তিয়াৰত অজগৰ উদ্ধাৰ

By

Published : Aug 29, 2022, 1:02 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

জোনাই মহকুমাৰ অন্তৰ্গত ৰামধন দিখাৰীৰ মুক্তিয়াৰ গাঁৱত দেওবাৰে নিশা উদ্ধাৰ হয় এডাল অজগৰ(Python rescued at Ramdhan dhikhiri in Jonai)। প্ৰায় ১০ ফুট দৈৰ্ঘ্যৰ সাপডাল গাঁওখনৰ কেশৱ কামানৰ পুখুৰীৰ পৰা উঠি অহা অৱস্থাত স্থানীয় ৰাইজে ধৰিবলৈ চেষ্টা কৰে যদিও অজগৰডালে পুখুৰীৰ সমীপৰ গিৰিশ পেগুৰ বাঁহনিত আশ্ৰয় লয় । পিছত টিএমপিকেৰ(TMPK) ৰামধন দিখাৰী আঞ্চলিক সমিতিৰ সম্পাদক অনুক দলে আৰু এমএমকেৰ(MMK) ৰামধন দিখাৰী আঞ্চলিক সমিতিৰ সভাপতি ইজু পেগুয়ে তেলাম খণ্ড বন বিষয়া কাৰ্যালয়ত(Telam Block Forest Office) খবৰ দিয়ে । নিশা ৯ বজাত গাঁওখনত বন কৰ্মচাৰী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত অজগৰডালে আশ্ৰয় লৈ থকা বাহঁজোপা কাটি এঘন্টাজোৰা চেষ্টাৰ অন্তত উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইয়াৰ পাছতে স্থানীয় ৰাইজৰ সহযোগত বন বিভাগে উদ্ধাৰ কৰা অজগৰডাল সোমবাৰে জামজিং বনাঞ্চলত(Jamjing Forest)এৰি দিয়ে ।

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.