Paddy procurement system: ধান সংগ্ৰহ অভিযানৰ অধীনত ডিমা হাছাওত কৃষকৰ পৰা চাউল ক্ৰয় - dima hasao paddy procurement scheme

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 16, 2023, 1:36 PM IST

হাফলং, 16 মাৰ্চ: প্ৰথমবাৰৰ বাবে অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাচাওত খেতিৰ চাউল বিক্ৰী আৰম্ভ হৈছে (Paddy procurement scheme of govt) । আজি এই চাউল বিক্ৰীৰ সূচনা কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব টিটি দাওলাগাপুৱে । ৰাজ্য চৰকাৰৰ ধান সংগ্ৰহ অভিযানৰ অধীনত চাউল বিক্ৰী আৰম্ভ হৈছে পাহাৰীয়া জিলাখনত (Paddy procurement system) ।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধীনত থকা জিলা কৃষি বিভাগ, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ যৌথ উদ্যোগত ৰাজ্য চৰকাৰৰ ধান সংগ্ৰহ অভিযানৰ অধীনত কৃষকৰ চাউল বিক্ৰী অভিযানৰ ফ্লেগ অফ কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিবে (Paddy procurement scheme of agriculture department) । এই অনুষ্ঠানত উপস্থিত থাকে জিলা কৃষি বিষয়া ঋত্বিক কেম্প্ৰাই আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উপ-সঞ্চালক ৰূপম দিবৰাগেদে ।

ইপিনে ৰকেট জহৰি নামৰ এগৰাকী খেতিয়কে প্ৰথমবাৰৰ বাবে নিজৰ খেতিত উৎপাদন হোৱা 40 কুইণ্টল চাউল প্ৰতি কুইণ্টলত 2,040 টকাত বিক্ৰী কৰে আৰু এই চাউল লংকাৰ ভালুকমাৰী ধান সংগ্ৰহ চেণ্টাৰলৈ পঠোৱা হয় (Dima Hasao paddy procurement scheme) । আনহাতে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব টি টি দাওলাগাপুয়ে কয় প্ৰথমবাৰৰ বাবে এই চাউল বিক্ৰী আৰম্ভ হৈছে ডিমা হাছাও জিলাত (Paddy procurement system of Assam govt) । তেওঁ কয় পাহাৰীয়া জিলা হোৱাৰ বাবে ইয়াত ধানৰ উৎপাদন কম হয় ৷ তথাপি ইয়াৰ খেতিয়ক সকলে যি ধান উৎপাদন কৰে সেয়া ৰাজ্য চৰকাৰৰ ধান সংগ্ৰহ অভিযানৰ অংশ হিচাবে বিক্ৰী কৰি খেতিয়ক সকল উপকৃত হ’ব ।

লগতে পঢ়ক : Pradhan Mantri Ujjwala Yojana: আমগুৰিত প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ নামত দুষ্টচক্ৰৰ ধন সংগ্ৰহ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.