thumbnail

By

Published : Jun 23, 2023, 9:51 AM IST

ETV Bharat / Videos

Punjab youth dies at Rangia: ৰঙিয়াৰ ধাবাত পঞ্জাৱৰ যুৱকৰ মৃতদেহ উদ্ধাৰ

ৰঙিয়া, 23 জুন: ৰঙিয়াৰ বালাগাঁৱৰ ৰুদ্ৰমণি ধাবাৰ শৌচালয়ত বৃহস্পতিবাৰে বহিঃৰাজ‍্যৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় ৷ মৃত যুৱকজন পঞ্জাৱৰ টাৰ্ণ তৰণ জিলাৰ গুৰবীৰ সিং (২৭) বুলি চিনাক্ত কৰা হৈছে । ঘটনাৰ বিৱৰণি অনুসৰি ৰুদ্ৰমণি হোটেলৰ শৌচালয়ৰ পৰা যুৱকজনে বহু সময়লৈকে ওলাই নহাত হোটেলৰ স্বত্বাধিকাৰীৰ সন্দেহ ওপজে । 

তেওঁ শৌচালয়ৰ ওপৰেৰে চাই অচেতন অৱস্থাত যুৱকজনক প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক মৃত অৱস্থাত উদ্ধাৰ কৰে । ধাবাখনৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়া অনুসৰি, মৃতদেহৰ কাষতে নিষিদ্ধ ড্ৰাগছৰ সন্দেহযুক্ত এটা চিৰিঞ্জ উদ্ধাৰ হৈছে । অত্যাধিক নিষিদ্ধ ড্ৰাগছ সেৱনৰ ফলতে যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে ধাবাৰ স্বত্বাধিকাৰীয়ে । আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো চমজি লৈ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক: Body recovered : ব্ৰহ্মপুত্ৰত উদ্ধাৰ নিখোঁজ কনিষ্টবলৰ মৃতদেহ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.