Controversial remark of Badruddin Ajmal:অসমীয়া লʼৰাই কেতিয়াও আজমলৰ ভৰিত নধৰে; পীযুষ হাজৰিকা - BJP slams Badruddin Ajmal

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 5:53 PM IST

ওদালগুৰি, ৫ নৱেম্বৰ: "অসমীয়া লʼৰাই কেতিয়াও আজমলৰ ভৰিত নধৰে । বাংলাদেশী মূলৰ মুছলমানৰ ভৰিত কেতিয়াও নধৰে । কিহৰ কাৰণে বাৰে বাৰে অসমীয়া মানুহক ষ্পৰ্ধা কৰিব পৰা হ'ল তাৰ কাৰণ উলিয়াব লাগিব । কাৰণ মুছলমান ল'ৰাই কাম কৰে, অসমীয়া ল'ৰাই কাম নকৰে ।" এই মন্তব্য় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ । 

এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে কৰা বিতৰ্কিত মন্তব্য়ৰ পিচতেই উভতি ধৰি তেওঁ এইদৰে কয় । ওদালগুৰি জিলাৰ কলাইগাঁৱত দেওবাৰে আয়োজিত বিজেপিৰ এখন জনজাগৰণ সভাত তেওঁ এইদৰে মন্তব্য় কৰে । জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই বদৰুদ্দিন আজমলৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ কয় যে অসমীয়া যুৱক সাহসী ।

বিজেপিয়ে আজি একপ্ৰকাৰ নিৰ্বাচনী ৰণ শিঙা বজালে । ধাৰাবাহিকভাৱে বিজেপিয়ে বিটিআৰত সভা অনুষ্ঠিত কৰি নিৰ্বাচনী কুছকাৱাজ চলাইছে । কালি ভেৰগাঁৱত বিশাল জন জাগৰণ সভা আয়োজনৰ পিচত আজি পুনৰ এক জন জাগৰণ সভা অনুষ্ঠিত হয় কলাইগাঁৱত । উক্ত সভাত অংশগ্ৰহণ কৰে সাংসদ দিলীপ শইকীয়া, বিধায়ক দিগন্ত কলিতা আৰু বিটিচিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱাই । সভাত সাংসদ দিলীপ শইকীয়াই দৰং ওদালগুৰি লোকসভা সমষ্টিত পুনৰ পদুম ফুল ফুলিব বুলি মন্তব্য কৰে ।

লগতে পঢ়ক:Loksabha election 2024: অসমত বিজেপিক হৰুৱাবলৈ AIUDF ৰ সহায় লাগিব; বদৰুদ্দিন আজমল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.