Doriya Bridge in Majuli : বয়স বাঢ়িল আয়ুস কমিল দৰিয়া দলঙৰ, চিন্তিত মাজুলীয়াল - Crack in the Majuli Daria bridge
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10-08-2023/640-480-19229307-thumbnail-16x9-maju.jpg)
মাজুলী,10 জুলাই: মাজুলীৰ প্ৰথমখন পকী দলং আছিল দৰিয়া দলং । কিন্তু বাৰ্ধক্যই স্পৰ্শ কৰা দলংখনৰ বাবে আহিছে এতিয়া চৰম ভাবুকি ৷ দৰিয়া দলংৰ কিছু অংশত মেলিছে ফাঁট । লোক নিৰ্মাণ বিভাগৰ অভিযন্তাৰ তথ্য অনুসৰি দলংখনৰ তলৰ অংশত ফাঁট মেলিছ ৷ যাৰ বাবে দলংখনৰ কাষতে এখন জাননী আঁৰি দিয়া হৈছে ৷ য’ত উল্লেখ কৰা আছে বাণিজ্যিক বাহন চলাচল বন্ধ কৰা ।
উল্লেখ্য যে, 2010 চনত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই মুকলি কৰিছিল দলংখন । মাজুলীৰ মূল পথত থকা এই দলঙেৰে গুৱাহাটী লৈ নৈশ বাছ, লখিমপুৰ ধেমাজিলৈ চলাচল কৰে বিভিন্ন বাহন । কিন্তু দলঙখনৰ খুঁটাত ওলাইছে বৃহৎ বৃহৎ ফাঁট ৷ তাকে লৈ চিন্তিত মাজুলীবাসী ৷ মাত্ৰ 22 বছৰতে মাজুলীৰ প্ৰথমখন পকী দলঙত ফাঁট মেলাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাজুলীৰ বিভিন্ন দল-সংগঠনে ৷
লগতে পঢ়ক: Wild elephant terror: মাজুলীত বন্যহস্তীৰ জাকে ভাঙিলে চাৰিটা বাসগৃহ