দেৰগাঁৱৰ দুৰ্ঘটনাত নিহতলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি - Dergaon Bus Accident
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-01-2024/640-480-20432750-thumbnail-16x9-barpeta-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 5, 2024, 7:30 AM IST
বৰপেটা, ৪ জানুৱাৰী : দেৰগাঁৱৰ শোকাবহ বাছ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বৰপেটা সত্ৰৰ নহাটীৰ বাটচ'ৰাত অনুষ্ঠিত কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । দেৰগাঁৱৰ শোকাৱহ বাছ দুৰ্ঘটনাৰ ঘটনাই সমগ্ৰ অসমতে শোকৰ ছাঁ পেলাইছে । অকালতে মৰহি গ'ল ১২ টা জীৱন । যিসকলে এই পৃথিৱীৰ পৰা বিদায় মাগিলে সেইসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰি প্ৰসিদ্ধ বৰপেটা সত্ৰৰ সন্মুখভাগৰ নহাটীৰ বাটচ'ৰাত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ অনুষ্ঠিত কৰা হয় ।
উক্ত অনুষ্ঠানটোৰ উদ্যোগ লয় বৰপেটাৰ অগ্ৰণী অনুষ্ঠান তাঁতীকুছিয়ে । অনুষ্ঠানটিত উপস্থিত থাকি নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আহতসকলৰ আৰোগ্য কামনা কৰে বৰপেটা সত্ৰৰ হেমেন বুঢ়া ভকতে । বুঢ়া ভকতগৰাকীয়ে মহাপুৰুষ মাধৱদেৱৰ নামঘোষাৰ এটি প্ৰাৰ্থনাৰে বিদেহী আত্মাৰ সদগতি আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনায় । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বৰপেটা সত্ৰৰ ভকতসকলৰ লগতে আই-মাতৃ বাপ-বান্ধৱ আৰু তাঁতীকুছিৰ সদস্যসকল উপস্থিত থাকে ।
লগতে পঢ়ক : পিকনিকক লৈ জাৰি কৰা SOP সন্দৰ্ভত কিমান সচেতন আপুনি ?