thumbnail

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 7:30 AM IST

ETV Bharat / Videos

Public Protest in Namrup: ধোদৰ আলি মেৰামতিৰ দাবীত পথ অৱৰোধ ৰাইজৰ

নামৰূপ, 6 ছেপ্টেম্বৰ: নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিব্ৰুগড় আৰু চৰাইদেউ জিলা সংযোগী ধোদৰ আলিৰ দুৰৱস্থাই জীয়াতু ভোগাইছে দুয়োখন জিলাৰ ৰাইজক । নামৰূপৰ টাই কলা কৃষ্টি কেন্দ্ৰৰ পৰা দিল্লীঘাট দলঙলৈকে পথচোৱাত পুখুৰী সদৃশ বৃহৎ আকাৰৰ গাঁতৰ সৃষ্টি হৈছে  ৷  যাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ ৰাইজ বিপদত পৰাৰ লগতে ত্ৰাহি মধুসূদন দেখিছে সেই পথেৰে দৈনন্দিন যাতায়ত কৰা ৰাইজ ।  

সেয়ে মঙলবাৰে স্থানীয় ৰাইজে পথ মেৰামতিৰ দাবীত পথ অবৰোধ কৰে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি প্ৰায় ছমাহৰ পূৰ্বে উক্ত পথচোৱা নিৰ্মাণৰ বাবে ঠিকাৰ আৱন্টন দিয়াৰ পাচতো আজি পৰ্যন্ত পথটোৰ মেৰামতিৰ কাম আৰম্ভ হোৱা নাই । যাৰ ফলত পথটো দৈনিক অধিক তথৈবচ হ’বলৈ ধৰিছে । পথটোৰ মাজভাগৰ গাঁতবোৰত মীন পালকে মাছ পালন কৰিব পৰাকৈ আৰু কৃষকে ভূঁই ৰোপন কৰিব পৰাকৈ সুচল হৈ আছে বুলি মন্তব্য কৰে স্থানীয় লোকে ৷

লগতে পঢ়ক:Power Minister's effigy burnt: ডিব্ৰুগড়ৰ ১৫ টাকৈ স্থানত শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি আছুৰ প্ৰতিবাদ 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.