Protest in Barbaruah: বৰবৰুৱা সমষ্টিৰ দাবীত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তাল প্ৰতিবাদ - Protest in Barbaruah
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/25-06-2023/640-480-18843413-thumbnail-16x9-protest.jpg)
ডিব্ৰুগড়, 25 জুন: নিৰ্বাচনী আয়োগে ৰাজ্যৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পাছতেই ৰাজ্যজুৰি অব্যাহত আছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ ৷ ইয়াৰ মাজতে ডিব্ৰুগড়ৰ বৰবৰুৱা সমষ্টি গঠনৰ দাবীত প্ৰতিবাদ বৃহত্তৰ বৰবৰুৱা উন্নয়ন সমিতিৰ ৷ মৰাণ বিধানসভা সমষ্টিক বিলুপ্তি ঘটাই বৰবৰুৱা সমষ্টি গঠন কৰাৰ দাবীত দেওবাৰে বৰবৰুৱাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে বৰবৰুৱা উন্নয়ন সমিতিয়ে ৷
প্ৰতিবাদকাৰীসকলে কয় যে, কেইটামান ৱাৰ্ড থকা মৰাণতকৈ বৰবৰুৱা অঞ্চলত আছে সৰ্বাধিক ভোটাৰ ৷ বিধানসভা নিৰ্বাচনত সমষ্টিটোৰ প্ৰাৰ্থীৰ জয়-পৰাজয়ত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে বৰবৰুৱা অঞ্চলৰ ভোটাৰে ৷ তেনে পৰিপ্ৰেক্ষিতত দীৰ্ঘদিনৰ পৰা ৰাইজে বৰবৰুৱা সমষ্টি গঠনৰ দাবী জনাই অহাৰ পিছতো নিৰ্বাচন আয়োগে গুৰুত্ব নিদিয়াত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি দেওবাৰে ৰাষ্ট্ৰীয় ঘাইপথত উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে প্ৰতিবাদকাৰীসকলে ৷
প্ৰতিবাদৰ পূৰ্বে বৰবৰুৱা চ্যুকাফা ভৱনত বৃহত্তৰ বৰবৰুৱা উন্নয়ন সমিতিৰ উদ্যোগত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় ৷ সভাত বৰবৰুৱা বিধানসভা সমষ্টি গঠনৰ দাবীত আগন্তুক সময়ত ল'বলগীয়া কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰা হয় ৷ বৰবৰুৱা সমষ্টি গঠনৰ দাবীত নিৰ্বাচন আয়োগক স্মাৰক পত্ৰ প্ৰদান কৰিব বুলিও জনাই বৃহত্তৰ বৰবৰুৱা উন্নয়ন সমিতিয়ে ৷
উল্লেখযোগ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত মৰাণ সমষ্টি বিলুপ্তিকৰণ কৰি বৰবৰুৱা সমষ্টি গঠন হ'ব বুলি ব্যাপক চৰ্চা চলিছিল ৷ কিন্তু নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰাত মৰাণ সমষ্টি বিলুপ্ত নহ'ল ৷ ইয়াৰ মাজতে বৰবৰুৱা সমষ্টিৰ দাবী কৰি থকা সকলে পুনৰ আৰম্ভ কৰিছে বৰবৰুৱা সমষ্টি গঠনৰ দাবীত প্ৰতিবাদ ৷
লগতে পঢ়ক: Historical Azanpir Dargah: ব্ৰহ্মপুত্ৰত বিলীন হোৱাৰ দিশত আমগুৰিৰ ঐতিহাসিক আজানপীৰ দৰগাহ