Public protest at Bordumsa: ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে বৰডুমচা থানাত স্থানীয় ৰাইজৰ প্ৰতিবাদ - মাৰাত্মক ড্ৰাগছ প্ৰয়োভৰ
🎬 Watch Now: Feature Video
Published : Sep 1, 2023, 10:01 AM IST
তিনিচুকীয়া, ১ ছেপ্তেম্বৰ : আকৌ প্ৰতিবাদ ৷ এইবাৰ প্ৰতিবাদত উত্তাল তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষীৰ থানা ৷ বৃহস্পতিবাৰে নিশা তিনিচুকীয়া জিলাৰ বৰডুমচা কুজুপথাৰবাসী ৰাইজে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে বৰডুমচা আৰক্ষীৰ থানা ঘেৰাও কৰি সাব্যস্ত কৰে এক উত্তাল প্ৰতিবাদ ৷
প্ৰতিবাদকাৰীৰ দাবী, শীঘ্ৰে জিলাখনৰ পৰা বৰবিহ স্বৰূপ মাৰাত্মক ড্ৰাগছ প্ৰয়োভৰ নাশ কৰক আৰক্ষীয়ে ৷ প্ৰয়োজন হ’লে ড্ৰাগছ ব্যৱসায়ীক এনকাউন্টাৰ কৰাৰো দাবী কৰিছে প্ৰতিবাদকাৰীয়ে ৷ জানিব পৰা মতে, তিনিচুকীয়া জিলাখনক মাৰাত্মক ড্ৰাগছে ছানি ধৰিছে ৷ আনকি মাত্ৰাধিক ড্ৰাগছ সেৱনৰ ফলত ইতিমধ্যে দ্বিতীয়গৰাকী ছাত্ৰৰ মৃত্যু হৈছে ৷ মৃত ছাত্ৰগৰাকী বৰডুমচা কুজুপথাৰ গাঁৱৰ জয়মন গোহাঁই বুলি জানিব পৰা গৈছে ।
ইফালে উক্ত ঘটনা সন্দৰ্ভত নাম সাঙোৰ খাইছিল পুতুল চেতিয়াৰ লগতে আন দুগৰাকী যুৱকৰ । কিন্তু বৰডুমচা আৰক্ষীয়ে জয়মন গোহাঁই মৃত্যুৰ কোনো ধৰণৰ উচিত তদন্ত নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ সেয়ে বৰডুমচা থানা ঘেৰাও কাৰ্যসূচী হাতত লৈ স্থানীয় ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷
যদিহে শীঘ্ৰে বৰডুমছাৰ ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে উচিত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে অনাগত দিনত ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়ক : 4 Killed in road accident: দুই তীব্ৰবেগী KTM বাইকৰ মুখামুখি সংঘৰ্ষত নিহত 4 যুৱক