Public meetingin Jonai: জোনাইত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ ৰাজহুৱা সভা - Public meetingin Jonai

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 9:48 PM IST

জোনাই,১২ :ছেপ্টেম্বৰ: জোনাইৰ লাইমেকুৰী লিবাৰ্টি হাইস্কুল প্ৰাঙ্গনত সোমবাৰে অনুষ্ঠিত কৰা হয় এখন ৰাজহুৱা সভা । অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীক লৈ বৰঘৰ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে ২০১৮ চনত প্ৰতিষ্ঠা হোৱা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চই অসম বিভিন্ন সময়ত বিভিন্ন অঞ্চলত কাম কৰি আহিছে ।  

সোমবাৰে লাইমেকুৰী লিবাৰ্টি হাইস্কুল প্ৰাঙ্গনত ধেমাজি জিলা সমিতিৰ গঠন সন্দৰ্ভত এখন বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত কৰে মঞ্চই । উক্ত ৰাজহুৱা সভাত ডেকাপাম মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট সমাজ সেৱক বাবুৰাম পেগুৱে সভাপতিত্ব কৰে । উক্ত ৰাজহুৱা সভাত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসম কেন্দ্রীয় সমিতিৰ মুখ্য সম্পাদক প্ৰহ্লাদ মিলিয়ে উপস্থিত থাকি বহু জনগোষ্ঠীয় অভাৱ-অভিযোগ তথা সমস্যাৰ লগতে একগোট কৰাৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰে ।  

লগতে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসম কেন্দ্রীয় সমিতিৰ উপদেষ্টা মিনতি দলে আৰু জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ মহিলা সমিতিৰ সভানেত্রী দীপান্বিতা দুৱাৰা উপস্থিত থাকি বহু বক্তব্য প্ৰদান কৰে । জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ ধেমাজি জিলা সমিতিৰ গঠন সন্দৰ্ভত অনুষ্ঠিত কৰা ৰাজহুৱা সভাত জিলা সমিতিৰ সভাপতি হিচাপে বাবুৰাম পেগু, কাৰ্যকৰী সভাপতি হিচাপে কল্যাণ গগৈ আৰু মুখ্য সম্পাদক হিচাপে ৰাজীৱ বড়িক লগত লৈ এখন পূৰ্ণাংগ সমিতি গঠন কৰে । 

লগতে পঢ়ক: DoHUA: ৰাজ্যৰ ৯ খনকৈ চহৰৰ মাষ্টাৰপ্লেনত অসম নগৰ পৰিকল্পনা উপদেষ্টা সমিতিৰ অনুমোদন

For All Latest Updates

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.