Pranab Saikia murder case: প্ৰণৱ শইকীয়াৰ হত্যাৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদৰ সিদ্ধান্ত গাঁৱবাসীৰ - প্ৰণৱ শইকীয়া

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 30, 2023, 6:54 PM IST

লখিমপুৰ, 30 জুলাই: লখিমপুৰৰ প্ৰণৱ শইকীয়াৰ হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ জিলাকে জোকাৰি গৈছে ৷ প্ৰণয় শইকীয়াৰ হত্যাকাণ্ডৰ বিৰুদ্ধে ৰাইজ তথা বিভিন্ন সংগঠনৰ প্ৰতিবাদে উত্তপ্ত কৰি ৰাখিছে জিলাখন ৷ যতিহীন প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে দেওবাৰে বিয়লি মৃত প্ৰণৱৰ গাঁৱৰ নামঘৰত ৰাইজৰ উপস্থিতিত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় ৷ এই সভাত ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে গাঁৱবাসীয়ে ৷  

আজি পুৱাৰ পৰা অসমীয়া যুৱ মঞ্চই টায়াৰ জ্বলাই পথ অৱৰোধ কৰাৰ উপৰি বিভিন্ন স্থানত বিক্ষিপ্ত ৰূপত প্ৰতিবাদ সাব্যস্ত কৰে ৷ এনে পৰিৱেশৰ মাজতে বিয়লি মৃত প্ৰণৱৰ গাঁৱৰ নামঘৰত আঞ্চলিক ৰাইজৰ উপস্থিতিত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ ধীৰেন ফুকনৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাখনত দোষীয়ে উপযুক্ত শাস্তি নোপোৱা পৰ্যন্ত আৰু আৰক্ষীৰ তদন্তত গাফিলতি প্ৰত্যক্ষ কৰিলে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ এই সভাতে এই ঘটনা সন্দৰ্ভত ব্যবস্থা গ্ৰহণ কৰি আগুৱাই নিবলৈ স্থানীয় ৰাইজক লৈ এখন সমিতি গঠন কৰা হয় ৷ 

28 জুলাই অৰ্থাৎ শুকুৰবাৰে নিশা লখিমপুৰ নগৰৰ সমীপৰ চাংমাই গাঁৱত ছাগলী চোৰে হত্যা কৰিছিল প্ৰণৱ শইকীয়া নামৰ নিৰীহ যুৱকজনক ৷ এই হত্যাকাণ্ডৰ পিচতেই উত্তাল হৈ পৰিছে লখিমপুৰ ৷

লগতে পঢ়ক: Protest in Lakhimpur : প্ৰণৱ শইকীয়া হত্যাকাণ্ডই জ্বলাইছে লখিমপুৰ; অনিৰ্দিষ্টকালীন জিলা বন্ধ ঘোষণা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.