Anomaly in Road Construction : ফিল’বাৰীত পথ নিৰ্মাণত বিসংগতি; ক্ষোভিত স্থানীয় ৰাইজ - পথ নিৰ্মাণত সংঘটিত হৈছে বিসংগতি

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 7:17 AM IST

Updated : Sep 17, 2023, 9:05 AM IST

তিনিচুকীয়া, ১৭ ছেপ্টেম্বৰ: লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰ ৰুদ্ৰ শইকীয়াৰ বিৰুদ্ধে ক্ষোভ তিনিচুকীয়া জিলাৰ ফিল’বাৰীবাসী ৷ কিয়নো অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ তিনিচুকীয়া, ডুমডুমা আৰু শদিয়া পথ সংমণ্ডলৰ অধীনত ফিল’বাৰী পৰা পেঙেৰী সংযোগী পথৰ ফিল’বাৰী তিনিআলি পৰা পদুমপথাৰ গাঁৱলৈকে প্ৰায় দুই কিলোমিটাৰ পথ নিৰ্মাণত বিসংগতি হোৱাৰ অভিযোগ উঠিছে ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷

স্থানীয় যুৱকে উল্লেখ কৰা অনুসৰি, উক্ত পথছোৱা পুনৰ নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগে অনুমোদন দিছিল প্ৰায় ১ কোটি ৭ লাখ টকা । প্ৰায় ৪ মাহ পূৰ্বে পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল বিতৰ্কিত ঠিকাদাৰ ৰুদ্ৰ শইকীয়াই ৷ এই পথছোৱাৰ পুনৰ নিৰ্মাণৰ কামৰ শেষ পৰ্যায়তহে ঠিকাদাৰে শুকুৰবাৰে নিশাৰ ভাগত ব্লেক টেপিং কৰিবলৈ আহে ৷

আনকি নিশা ব্লেক টেপিং কামৰ সময়তেই ঠিকাদাৰ কৰ্তৃপক্ষই অভিযন্তাগৰাকীৰ লগত মিতিৰালি কৰি পথৰ গাঁতত চেণ্ড গেভেল (শিল বালি মিশ্ৰণ) দি ব্লেক টেপিং কৰিব আৰম্ভ কৰাৰ অভিযোগ উত্থাপন হৈছে । এই অভিযোগৰ পাচতেই উত্তেজিত হৈ পৰিছে স্থানীয় ৰাইজ ।

ইয়াৰ পাচত শুকুৰবাৰে নিশাই স্থানীয় ৰাইজে অভিযন্তাগৰাকীক পথ নিৰ্মাণ হৈ থকা স্থানলৈ মাতি পঠিয়ায় । পথ নিৰ্মাণৰ সময়ত এবাৰো পথচোৱা নিৰ্মাণ কৰিবলৈ নহাৰ অভিযোগ উত্থাপন কৰিছে অভিযন্তা জনৈক সিঙৰ বিৰুদ্ধে ৷ অৱশ্যে ৰাইজৰ প্ৰতিবাদৰ পাচতেই নিশা অভিযন্তাগৰাকীয়ে পকী পথছোৱাৰ পুনৰ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়ে ।

কিন্তু অভিযন্তাগৰাকীয়ে নিশা কাম বন্ধ কৰি দিয়াৰ পিচতো দুই বজাত ঠিকাদাৰগৰাকীয়ে পুনৰ পথ নিৰ্মাণৰ কাম কৰে । সেয়ে এই সমগ্ৰ ঘটনাতো তদন্ত কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : MP Gaurav Gogoi: কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ এক্স একাউণ্টত বিসংগতি; এনড্ৰয়ইড ফোনত অদৃশ্য টুইট

Last Updated : Sep 17, 2023, 9:05 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.