Protest at Kaliabor : নতুন পেন্সন নীতি বাতিলৰ দাবীত কলিয়াবৰত চৰকাৰী কৰ্মচাৰীৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 3:53 PM IST

thumbnail

কলিয়াবৰ, 7 অক্টোবৰ : নতুন পেন্সন নীতি বাতিল আৰু পুৰণি পেন্সন নীতি বাহাল ৰখা দাবী জনাই ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে সদৌ অসম কৰ্মচাৰী সন্থাই ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰ জিলা কৰ্মচাৰী সন্থায়েও পালন কৰে প্ৰতিবাদ ৷ কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্য‍ালয়ৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে ৷

অৱসৰৰ পিচত জীৱনলৈ অশনি সংকেত কঢ়িয়াই অনা নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন ব্যৱস্থা বাহাল ৰখাৰ দাবী জনাই প্ৰতিবাদকাৰী শিক্ষক-কৰ্মচাৰীসকলে ৷ উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে 2004 চনৰ জানুৱাৰী মাহৰ পৰা নতুন ৰাষ্ট্ৰীয় পেন্সন আঁচনি প্ৰৱৰ্তন কৰিছিল ৷ তাৰ পিচত অসম চৰকাৰেও কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত অসমৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা উক্ত আঁচনিখন কাৰ্যকৰী কৰে ৷ যাক লৈ প্ৰতিবাদ কৰ্মচাৰীসকলৰ ৷

লগতে পঢ়ক:Amrit Kalash Yatra: বঢ়মপুৰত অমৃত কলহ যাত্ৰাৰ সামৰণী অনুষ্ঠান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.