NPS employees protest: NPS বাতিলৰ দাবীৰে সৰুপথাৰত কৰ্মবিৰতি - New Pension Scheme
🎬 Watch Now: Feature Video
Published : Aug 23, 2023, 6:44 AM IST
সৰুপথাৰ, ২২ আগষ্ট: অসম কলেজ শিক্ষক সংস্থাৰ নিৰ্দেশ মতে সৰুপথাৰ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পেঞ্চন নীতি বাতিলকৰণ সম্পৰ্কত অধ্যাপকসকলৰ লগতে কৰ্মচাৰীসকলে পালন কৰে কৰ্মবিৰতি । সমগ্ৰ অসমৰ লগতে সৰুপথাৰ মহাবিদ্যালয়তো মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাৰ লগতে কৰ্মচাৰীসকলে মহাবিদ্যালয় কেম্পাচতে প্লে-কাৰ্ড লৈ সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।
ৰাষ্ট্ৰীয় পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰাখিবলৈ এই কৰ্মবিৰতিৰ সিদ্ধান্ত গ্ৰহণ কৰে শিক্ষক-কৰ্মচাৰীসকলে । তেওঁলোকে জানিবলৈ দিয়া অনুসৰি এই প্ৰতিবাদ দুদিন ধৰি অব্যাহত থাকিব । উল্লেখযোগ্য যে, ২০০৫ চনৰ পিছত অসম চৰকাৰৰ যিসকল চৰকাৰী কৰ্মচাৰীৰ পুৰণি পেঞ্চন নীতিৰ ঠাইত ৰাষ্ট্ৰীয় পেঞ্চন নীতি প্ৰৱৰ্তন কৰা হৈছে এই সিদ্ধান্তক কৰ্মচাৰীসকলে সম্পূৰ্ণ বিৰোধিতা কৰিছে । এই প্ৰতিবাদৰ জৰিয়তে চৰকাৰলৈ বাৰ্তা প্ৰেৰণ কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰাখিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ।
লগতে পঢ়ক: AATSA against AASA president: আছাৰ সভাপতি প্ৰদীপ নাগক হুংকাৰ আটছাৰ