Teok Public Rally: টীয়কত ড্ৰাগছ বিৰোধী প্ৰতিবাদ ৰাইজৰ - টীয়কত ৰাজপথলৈ ওলাই আহিল ৰাইজ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 7, 2023, 3:11 PM IST

টীয়ক,7 আগষ্ট: আৰক্ষী নহয় এইবাৰ ড্ৰাগছ বিৰোধী শ্লো’গানেৰ ৰাজপথলৈ ওলাই আহিল ৰাইজ ৷ টীয়কৰ চেনীজান গাঁৱক ড্ৰাগছ মুক্ত কৰক শ্লো’গানেৰে চেনীজানত ড্ৰাগছ বিৰোধী সজাগতা ৰেলী ৷ চেনীজান ড্ৰাগছ মুক্ত কৰক,অবৈধ নিচাযুক্ত সামগ্ৰীৰ প্ৰচলন বন্ধ কৰক,উঠি অহা প্ৰজন্মক সুৰক্ষা দিয়ক আদি শ্লো'গানেৰে সোমবাৰে শ শ পুৰুষ মহিলা, ছাত্ৰ-ছাত্ৰীয়ে ড্ৰাগছ বিৰোধী ৰেলীত অংশ গ্ৰহণ কৰে ৷  

উল্লেখ্য যে বিগত কেইবামাহ ধৰি বৃহত্তৰ চেনীজান অঞ্চলত ড্ৰাগছৰ মুকলি বেহাৰ ফলত নৱপ্ৰজন্মৰ জীৱনলৈ অমানিশা কঢ়িয়াই আনিছে ৷ ড্ৰাগছৰ বাবে বহু যুৱকে মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে। এইসমূহ অসৎ চক্ৰৰ বিৰুদ্ধে সচেতন ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে যদিও চক্ৰটোৰ সৈতে প্ৰশাসনৰ গোপন মিতিৰালি থকাৰ বাবে এই পৰ্যন্ত কৃতকাৰ্য হোৱা নাই, এই অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷

আনহাতে কিছুদিনৰ পূৰ্বে বৃহত্তৰ চেনীজানবাসীয়ে এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰে ৷ সেই সভাত সমাজ বিৰোধী চক্ৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ উক্ত সভাৰ সিদ্ধান্ত মৰ্মে সোমাবাৰে প্ৰায় পাঁচ শতাধিক ৰাইজ ওলাই আহি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক:Conflict in Assam Congress: কংগ্ৰেছৰ তিতাবৰ ব্লকৰ সভাপতিৰ দায়িত্বক লৈ উত্তাল ৰাজীৱ ভৱন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.