Protest in Narayanpur:বিদ্যালয় একত্রিকৰণৰ বিৰুদ্ধে নাৰায়ণপুৰত ৰাইজৰ প্রতিবাদ - Sustainable Enrollment in school

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 4:19 PM IST

Updated : Oct 6, 2023, 4:43 PM IST

বিহপুৰীয়া, ৬ অক্টোবৰ: ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ত্রিশজনতকৈ কম ছাত্র-ছাত্রী থকা প্ৰাথমিক বিদ্যালয় সমূহ একত্রীকৰণৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে তাক লৈ অভিভাৱকসকল ক্ষুব্ধ হৈ পৰিছে । চৰকাৰী বিদ্যালয় ধ্বংস কৰি ব্যক্তিগত বিদ্যালয়লৈ ৰঙা দলিচা পাৰি দিয়া কাৰ্যক ৰাইজে তীব্ৰ সমালোচনা কৰে । শুক্ৰবাৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত শিমলুগুৰিৰ দুখনকৈ প্ৰাথমিক বিদ্যালয়ৰ অভিভাৱকসকলৰ লগতে স্থানীয় ৰাইজে উত্তাল প্রতিবাদ সাব্যস্ত কৰে ।

ৰাইজে গাঁঠিৰ ধন খৰছ কৰি ১৯৫৪ চনত স্থাপন কৰা ৬২৫ নং বহুপথাৰ প্ৰাথমিক বিদ্যালয় আৰু ১৯৭৮ চনত স্থাপিত উজনি বহুপথাৰ প্ৰাথমিক বিদ্যালয় দুখনক চৰকাৰে অন্য বিদ্যালয়ৰ লগত একত্ৰিকৰণ কৰিব বুলি জানিব পাৰি সচেতন যুৱ উন্নয়ন মঞ্চ, অসমৰ উদ্যোগত স্থানীয় ৰাইজে উজনী বহুপথাৰ গাঁৱত প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

শিক্ষা বিভাগ হায় হায়, ৰণোজ পেগু মুৰ্দাবাদ, বিজেপি চৰকাৰ গ' বেক, বিদ্যালয় একত্ৰিকৰণ নচলিব আদি শ্ল'গানেৰে প্রতিবাদী ৰাইজে পৰিবেশ উত্তাল কৰি তোলে । দুয়োখন বিদ্যালয়ৰ পৰা সমীপৱৰ্তী প্ৰাথমিক বিদ্যালয়লৈ এক কিলোমিটাৰতকৈ দূৰত্ব বেছি বুলি প্রতিবাদী ৰাইজে উল্লেখ কৰাৰ লগতে দুয়োখন বিদ্যালয়ত স্থিতাৱস্থা বাহাল ৰাখিবলৈ চৰকাৰক দাবী জনাইছে ।

লগতে পঢ়ক:Ambulance service: বৰহোলা সামুহিক চিকিৎসালয়ত এম্বুলেন্স সেৱা মুকলি সাংসদ তপন কুমাৰ গগৈৰ

Last Updated : Oct 6, 2023, 4:43 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.