thumbnail

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 5:30 PM IST

ETV Bharat / Videos

Protest in Biswanath : নতুন পেন্সন নীতি বাতিলৰ দাবীত বিশ্বনাথত কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদ

বিশ্বনাথ, 7 অক্টোবৰ : নতুন পেন্সন নীতি বাতিল আৰু পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত শনিবাৰে বিশ্বনাথত প্ৰতিবাদত বহিল চৰকাৰী কৰ্মচাৰী ৷ সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে বিশ্বনাথ জিলাৰ বিভিন্ন কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীসকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷  

বিশ্বনাথৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত দিনৰ ১১ বজাৰ পৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে চৰকাৰী কৰ্মচাৰীসকলে ৷ নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি পুনৰ প্ৰৱৰ্তনৰ দাবীত কৰ্মচাৰীসকলে ৩ ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অতি শীঘ্ৰেই তেওঁলোকৰ এই দাবী পূৰণ কৰাৰ বাবে চৰকাৰক দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷

উল্লেখ্য যে, নতুন পেন্সন নীতি বাতিল আৰু পুৰণি পেন্সন নীতি বাহাল ৰখা দাবীত শনিবাৰে ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে সদৌ অসম কৰ্মচাৰী সন্থাই ৷ এই দাবীৰে বিশ্বনাথতো জিলা কৰ্মচাৰী সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ ৷  

লগতে পঢ়ক : Protest at Kaliabor : নতুন পেন্সন নীতি বাতিলৰ দাবীত কলিয়াবৰত চৰকাৰী কৰ্মচাৰীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.