Protest for including in Barpeta District: বজালী নহয়, বৰপেটাতে থাকিব বিচাৰে হাউলীবাসী - Merger with district
🎬 Watch Now: Feature Video


Published : Sep 1, 2023, 5:37 PM IST
বৰপেটা,১ ছেপ্তেম্বৰ: বজালী জিলাত অন্তৰ্ভূক্তিক লৈ হাউলী, বৰপেটাৰোড, সৰভোগত অব্যাহত আছে প্ৰতিবাদ ৷ এই প্ৰতিবাদৰ মাজতে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা হাউলীৰ নাগৰিক সমাজৰ প্ৰতিনিধিৰ বিৰুদ্ধে এইবাৰ অনুষ্ঠিত হ'ল প্ৰতিবাদী নাগৰিক সভা ৷ বৃহত্তৰ হাউলীৰ নাগৰিক সভাৰ সিদ্ধান্তৰ বিপৰীতে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সৈতে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা নাগৰিক সমাজক জবাবদিহি হাউলীৰ নাগৰিক সভাৰ ৷
বজালীত থাকিব বিচৰা নাই হাউলীৰ ৰাইজে ৷ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ভুল বাৰ্তা দিছে হাউলীৰ নাগৰিক সমাজৰ প্ৰতিনিধি দলে ৷ হাউলীক বজালীৰ পৰিৱৰ্তে বৰপেটাত ৰখাৰ দাবীত অটল হাউলীৰ দল-সংগঠনসমূহৰ লগতে হাউলীৰ নাগৰিক সমাজ ৷ একেদৰে বৰপেটা জিলা বিজেপিৰ সম্পাদক তথা হাউলী পৌৰসভাৰ বাসিন্দা নিপা কলিতাৰো দাবী, বজালী নহয়, বৰপেটা জিলাত থাকিব বিচাৰে হাউলী, বৰপেটাৰোড, সৰভোগবাসী ৷ বিজেপি নেত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাই কয় যে মুখ্যমন্ত্ৰীয়ে হাউলী, বৰপেটাৰোড, সৰভোগৰ ৰাউজৰ মনৰ বতৰা লওক আৰু ৰাইজে বিচৰামতে সিদ্ধান্ত গ্ৰহণ কৰক ৷