Constituency Delimitation 2023: সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে ৰঙাপৰাত প্ৰতিবাদী সমদল - Constituency Delimitation 2023

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 11, 2023, 9:23 AM IST

শোণিতপুৰ, 11 জুলাই :  সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে ৰঙাপৰাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰঙাপৰা সমন্বয়ৰক্ষী সমিতিয়ে ।  সোমবাৰৰ বিয়লি 3 বজাত ৰঙাপৰা বিধানসভা সমষ্টিৰ আদিবাসী অধ্যূষিত অঞ্চল কৰ্তন কৰাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল চাহ বাগিচাৰ অঞ্চলৰ ৰাইজ । চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদী শ্লোগানেৰে ৰঙাপৰাৰ আকাশ-বতাহ কঁপাই তোলে প্ৰতিবাদকাৰীসকলে । 

ৰঙাপৰাৰ সোনাজুলি গাঁও পঞ্চায়ত এলেকাৰ ভোটাৰ ৰাইজে বিজেপি চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, পুনৰ সমষ্টি নিৰ্ধাৰণ আমি নামানো, ৰঙাপৰা সমষ্টিৰ পৰা চাহ বাগিচা অঞ্চল কৰ্তন কৰা বন্ধ কৰক, নিৰ্বাচনী আয়োগ মুৰ্দাবাদ, অসম ট্ৰাইবেল সংঘ হুচিয়াৰ, চাহ জনগোষ্ঠীৰ বিৰুদ্ধে মন্তব্য কৰা অসম ট্ৰাইবেল সংঘ মুৰ্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । 

উল্লেখ্য যে, অসম চৰকাৰ আৰু নিৰ্বাচনী আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত ৰঙাপৰা বিধানসভা সমষ্টিৰ আদিবাসী অধ্যূষিত অঞ্চল কৰ্তন কৰাৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহে অসম চাহ মজদুৰ, আছা, আটছা, আটুৱা, আৱা আদি সংগঠনসমূহ । 

লগতে পঢ়ক : Crime in Biswanath: বিলাসী বাহন লৈ অহা ছাগলী চোৰৰ বিলৈ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.