Road accident in Dergaon: দেৰগাঁৱত পথ নিৰ্মাণকাৰী সংস্থাক দুৰ্ঘটনাগ্ৰস্তৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 5:52 PM IST

thumbnail

যোৰহাট, ১৯ ছেপ্টেম্বৰ: চাৰিলেনযুক্ত পথৰ বিসংগতিৰ ফলত বিশ্বকৰ্মা পূজাৰ নিশাই নেঘেৰিটিঙত পৃথকে পৃথকে সংঘটিত হয় তিনিটাকৈ পথ দুৰ্ঘটনা । উল্লেখযোগ্য যে কোনো ধৰণৰ সাৱধানতাসূচক ফলক নাইবা বেৰিকেড অবিহনেই নিৰ্মাণকাৰীৰ সংস্থাটোৱে নেঘেৰিটঙত বালিবাটত নিৰ্মাণ কৰি আছে এটা দ' নলা । পথৰ মাজত মাটিৰে ওখকৈ গঢ়ি দিছে গতিৰোধক । যাৰ ফলত হঠাতে পথৰ মাজত গতিৰোধক দেখি বিবুধিত পৰি নিয়ন্ত্ৰণ হেৰুৱাই একাংশ লোক দুৰ্ঘটনাত পতিত হয় ।  

এনে গতিৰোধকৰ বাবে বিশ্বকৰ্মা পূজাৰ দিনটোতেই দেৰগাঁৱৰ ফেটাগাঁৱৰ দিপু দত্ত নামৰ এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে আন দুজন যুৱক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হৈ আছে । এই ঘটনাক কেন্দ্ৰ কৰি আজি পুৱা নেঘেৰিটিঙৰ ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । স্থানীয় ৰাইজে চাৰিলেনযুক্ত নিৰ্মাণকাৰী সংস্থাৰ অনিয়মৰ বিষয়ে সৰৱ হৈ পৰাৰ লগতে নিৰ্মাণকাৰী সংস্থাৰ এনে কাৰ্যৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনায় ।

লগতে পঢ়ক:Two road accidents: ডিব্ৰুগড়ত একে নিশাই দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.