thumbnail

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 5:12 PM IST

ETV Bharat / Videos

Protest in Guwahati : গুৰুকুল গ্ৰামাৰ স্কুল কৰ্তৃপক্ষৰ মইমতালিৰ অভিযোগ তুলি ৰাইজৰ প্ৰতিবাদ

গুৱাহাটী, ১৫ অক্টোবৰ : ৰাজহুৱা স্বাৰ্থৰ প্ৰতি পিঠি দিয়াৰ অভিযোগত মহানগৰীৰ ব্যক্তিগত বিদ্যালয় গুৰুকুল গ্ৰামাৰ স্কুল কৰ্তৃপক্ষৰ বিৰুদ্ধে গৰজি উঠিল স্থানীয় ৰাইজ । গুৰুকুল গ্ৰামাৰ স্কুল কৰ্তৃপক্ষই সম্পূৰ্ণ মইমতালিৰে পূব গীতানগৰ পথৰ ৰাজহুৱা নলা বন্ধ কৰি নলাৰ ওপৰত পথ নিৰ্মাণৰ অভিযোগ তুলি স্থানীয় ৰাইজে প্ৰতিবাদ সাৱস্ত কৰে । 

ইয়াৰোপৰি স্কুল কৰ্তৃপক্ষই ৰাইজৰ সুবিধা-অসুবিধাৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰি ৰাজহুৱা পথৰ ওপৰত ফুট ব্ৰীজ নিৰ্মাণ কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । ৰাইজক অন্ধকাৰত ৰাখি অথবা স্থানীয় ৰাইজৰ লগত কোনোধৰণৰ আলোচনা নকৰাকৈ ৰাজহুৱা পথৰ ওপৰত ব্যক্তিগত ফুট ব্ৰীজ নিৰ্মাণ কৰিবলৈ কোনোপধ্যেই দিয়া নহ’ব বুলি স্পষ্ট কৰি দি প্ৰতিবাদকাৰীসকলে গুৰুকুল গ্ৰামাৰ স্কুলৰ সন্মুখত বিভিন্ন শ্ল’গান প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । 

ইফালে ঘটনাস্থলীত উপস্থিত হোৱা লোকনিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাক স্থানীয় ৰাইজে ঘেৰাও কৰি জনাবদিহি কৰে ৰাইজে ৷

লগতে পঢ়ক: Chaange Chaange Congress: মিচিং জনগোষ্ঠীক উপেক্ষা কৰাৰ অভিযোগ মিচিং বিজেপি নেতাৰ বিৰুদ্ধে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.