Protest in Lakhimpur: লখিমপুৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ - Price hike in Assam
🎬 Watch Now: Feature Video
লখিমপুৰ,১০ জুলাই: মূল্যবৃদ্ধিৰ জুইয়ে দহিছে সৰ্বসাধাৰণ লোকক । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত ৰাইজ কোঙা হৈ পৰিছে যদিও চৰকাৰ অথবা যোগান বিভাগৰ কাণসাৰ নাই । ফলত বিভিন্ন সংগঠনে নিতৌ প্ৰতিবাদ সাব্যস্ত কৰিব লগীয়া হৈছে । সোমবাৰে লখিমপুৰত তেনে প্ৰতিবাদেৰে উত্তাল পৰিবেশ সৃষ্টি কৰে অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে ।
সোমবাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল হৈ পৰিল লখিমপুৰ নগৰ । নগৰৰ কেবি ৰোডত অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে ডিঙিত পাচলিৰ মালা পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰে । অসম চৰকাৰ হায় হায়, যোগান মন্ত্রীৰ কাম নাই, মূল্য বৃদ্ধি ৰোধ কৰক, ৰণজিৎ দাস মুৰ্দাবাদ আদি শ্লোগান দি উত্তাল পৰিবেশ সৃষ্টি কৰে প্ৰতিবাদকাৰীসকলে । যোগান মন্ত্রী মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰম ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰি মন্ত্রীগৰাকীৰ পদত্যাগৰ দাবী জনায় অসমীয়া যুৱ মঞ্চই ।
লগতে পঢ়ক: Felicitation programme in Naharjatia: নাহৰকটীয়াত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান