Protest against police: নিশা মৰিয়নিত আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ - নিশা মৰিয়নিত আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 22, 2023, 5:49 PM IST

যোৰহাট,২২ জুন: পুনৰ খাকী পোচাকত কলংকৰ দাগ । এনে এক সময়ত, যিসময়ত অসম আৰক্ষীক নিকা আৰু স্বচ্চ হোৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা ডিজিপি জিপিসিঙে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে । পিছে এই সমূহ নীতি-নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ দেখুৱাইছে একাংশ ঘোচখোৰ আৰক্ষীয়ে । চৰিত্ৰ সলনি নোহোৱা একাংশ ধনৰ লুভীয়া আৰক্ষীৰ বাবেই বুধবাৰে নিশা মৰিয়নিৰ নিউ সোণোৱালত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ।  

নাগালেণ্ডলৈ যোৱা মালবাহী যান-বাহনৰ পৰা মৰিয়নি আৰক্ষীৰ গুণ্ডাকৰ সংগ্ৰহকলৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । নিউ সোণোৱালৰ বন বিভাগৰ চেক গেটৰ সমীপত মৰিয়নি আৰক্ষীয়ে নিতৌ বলপুৰ্বক গুণ্ডা কৰ সংগ্ৰহ কৰাক লৈ চালকসকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । নাগালেণ্ড অভিমুখী প্ৰতিখন মালবাহী বাহনৰপৰা নিৰ্ধাৰিত কৰতকৈ বলপূৰ্বক অধিক কৰ সংগ্ৰহ কৰি আহিছে এইসকল আৰক্ষীয়ে । কেৱল ইমানতে ক্ষান্ত নাথাকি আৰক্ষীয়ে নিশা নিউ সোণোৱালৰ মাজেৰে সৰবৰাহ কৰা সাঁচি ভৰ্তি ট্ৰাক, কাঠৰ ট্ৰাকৰপৰা সংগ্ৰহ কৰি আহিছে গুণ্ডাকৰ । 

লগতে পঢ়ক: Flood in Assam: পহুমাৰা নদীৰ মথাউৰি ভাগিল পাঠশালাত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.