palm oil plantation in Assam:ৰঙিয়াত অসম ৰাজ্যিক কৃষক সভাৰ প্ৰতিবাদ - বাবা ৰামদেৱৰ পতঞ্জলী
🎬 Watch Now: Feature Video
Published : Aug 26, 2023, 5:20 PM IST
ৰঙিয়া ,২৬ আগষ্ট: তৈল পাম খেতিৰ বিৰুদ্ধে ৰঙিয়াত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিলে কৃষক সভা আৰু কৃষক শ্ৰমিক ইউনিয়নে । ৰঙিয়া গান্ধী মণ্ডপৰ সমুখত দিয়া ধৰ্ণা কাৰ্যসূচীৰে তৈল পাম খেতিৰ বিৰুদ্ধে চৰকাৰক সকীয়নি দি প্ৰতিবাদকাৰীসকলে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি হ'ব পৰা এই পাম খেতি বন্ধ কৰিবলৈ দাবী জনায় । প্ৰতিবাদকাৰীসকলে ক্ষোভেৰে কয় যে সৰ্বনাশী তৈল পাম খেতিয়ে শেষ কৰিব অসমক । সময় থাকোঁতেই এনে হঠকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ চৰকাৰক দাবী জনায় প্ৰতিবাদকাৰীসকলে ।
সৰ্বনাশী তৈল পাম কৃষি বন্ধ কৰি জৈৱ বৈচিত্ৰ ৰক্ষা কৰাৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে কয় যে কেৱল একাংশ লোকক তুষ্টিকৰণৰ বাবেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজে নিবিচৰা এই তৈল পাম খেতি কৰিবলৈ বৰপীৰা পাৰি দিছে । উক্ত ধৰ্ণা কাৰ্যসূচীত গীত গাই প্ৰতিবাদকাৰীসকলে তৈল পাম খেতিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ চেষ্টা চলায় ।
লগতে পঢ়ক:TMCH water crisis news: তিনিদিন ধৰি খোৱা পানীৰ সংকটত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল