Public protest in Dispur: পথ নিৰ্মাণৰ দাবীৰে বিধায়ক অতুল বৰা মুৰ্দাবাদ ধ্বনিৰে ৰাজপথত সমষ্টিবাসী - জৰাজীৰ্ণ পথটো অতি শীঘ্ৰেই মেৰামতি

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 2:51 PM IST

গুৱাহাটী, 17 ছেপ্টেম্বৰ: দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল সাতগাঁওৰ প্ৰতিবাদী জনতা । বিধায়ক অতুল বৰা মুৰ্দাবাদ ধ্বনিৰে ৰাজপথত ৰূপায়ন কৰিলে প্ৰতিবাদী কাৰ্যসূচীৰ । সীমাহীন সমস্যাৰে জৰ্জৰিত সাতগাঁৱৰ পূবেৰুণ পথৰ বাসিন্দাই 600 মিটাৰ দৈৰ্ঘৰ একমাত্ৰ মূল পথটো মেৰামতি কৰাৰ দাবী তুলি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ । 

প্ৰতিবাদী জনতাই বিধায়ক অতুল বৰা মুৰ্দাবাদ, পাৰিষদ গৌৰী বৰা মুৰ্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । স্থানীয় প্ৰতিবাদী জনতাই অভিযোগ কৰা অনুসৰি 2015 চনত কংগ্ৰেছ চৰকাৰৰ দিনত দিছপুৰ সমষ্টিৰ বিধায়ক অকন বৰাই গুৱাটীৰ পৌৰ নিগমৰ FDR ৰ আঁচনিৰ অধীনত এই পথটো নিৰ্মাণ কৰিছিল । কিন্তু বিজ্ঞানসন্মতভাৱে পথটো নিৰ্মাণ নকৰাৰ বাবে পৰৱৰ্তী সময়ত ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ যাতায়াতৰ অনুপযোগী হৈ পৰে ।

আনহাতে পথৰ দুয়োপাৰে থকা নলা-নৰ্দমাসমূহ সুপৰিকল্পিতভাবে নিৰ্মাণ নকৰাৰ বাবে নলাৰ লেতেৰা পানী পথত বাগৰি এক কদৰ্যময় পৰিৱেশৰ সৃষ্টি হোৱাৰ ফলত অঞ্চলবাসীয়ে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিবলগীয়া হৈ আহিছে । ভুক্তভোগী ৰাইজে জৰাজীৰ্ণ পথটো অতি শীঘ্ৰেই মেৰামতি কৰি যাতায়তৰ উপযোগী কৰি তুলিবলৈ চৰকাৰক সজোৰে আহ্বান জনাইছে ।

লগতে পঢ়ক: Erosion in Kalgachia: খহনীয়াত জাহ যোৱাৰ উপক্ৰম দুমহলীয়া মছজিদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.