Protest at Jonai : ঔদ্যোগিক পামৰ বিৰুদ্ধে মেচাকিত উত্তাল প্ৰতিবাদ

By

Published : Mar 26, 2023, 8:42 AM IST

thumbnail

জোনাই, 25 মাৰ্চ : ভুৱন পেগু, প্ৰদান বৰুৱা মূর্দাবাদ ধ্বনিৰে উত্তাল ধেমাজিৰ মেচাকিৰ আকাশ-বতাহ ৷ চিলাপথাৰৰ সমীপৰ মিছিং জনগোষ্ঠী অধ্যুষিত অঞ্চল মেচাকি-টঙানীত ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে বিধায়ক ভূৱন পেগু আৰু সাংসদ প্ৰদান বৰুৱাৰ বিৰুদ্ধে । ভূৱন পেগু মূর্দাবাদ, প্ৰদান বৰুৱা মূর্দাবাদ, মাটিৰ দালাল হুঁচিয়াৰ আদি শ্লগানেৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তুলিছে প্ৰতিবাদস্থলী (Protest against hand over indigenous land to industrialists) । 

ধেমাজিৰ মেচাকি টঙানি অঞ্চলৰ ১০০৫ বিঘা ৰাজহুৱা ভূমিত এখন ঔদ্যোগিক পাম স্থাপন কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ উদ্যোগপতিৰ হাতত খিলঞ্জীয়াৰ মাটি গতাই দিব বিচৰা সিদ্ধান্তক সহজভাৱে মানি ল’ব পৰা নাই মেচাকি টঙানিবাসীয়ে ৷ ৰাইজৰ স্পষ্ট অভিযোগ একাংশ মাটিৰ দালালে চক্ৰান্তৰে তেওঁলোকৰ পৈতৃক ভূমিখিনি উদ্যোগপতিৰ হাতত গতাই দিবৰ বাবে ষড়যন্ত্ৰ কৰিছে (Protest at Jonai) । 

এই ষড়যন্ত্ৰত পৰোক্ষভাৱে হাত উজান দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিধায়ক ভুৱন পেগু আৰু সাংসদ প্ৰদান বৰুৱাৰ বিৰুদ্ধে  । উদ্যোগপতিক মাটি দিয়া সন্দৰ্ভত বিগত বর্ষত আজি গ্ৰহণ কৰা প্ৰতিবাদস্থলীতে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল । শনিবাৰে পুনৰ মেচাকি অঞ্চলৰ কেইবাশ ৰাইজ একত্ৰিত হৈ তেজ দিম মাটি নিদিওঁ, মাটিৰ দালাল হুঁচিয়াৰ, ভুৱন পেগু মূর্দাবাদ, প্ৰদান বৰুৱা মূর্দাবাদ আদি ধ্বনিৰে ধৰ্ণা দি উত্তাল কৰি তোলে পৰিৱেশ (MLA Bhuban Pegu)।

লগতে পঢ়ক : SFI Hunger strike: ছেবাক ৰক্ষাৰ দাবীৰে এচ এফ আইৰ 126 ঘণ্টীয়া অনশন কাৰ্যসূচী স্থগিত ঘোষণা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.