Eviction in Jonai Kabu Chapori: জোনাইৰ প্ৰস্তাৱিত কবু চাপৰি সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ জাননী

By

Published : May 16, 2023, 9:44 PM IST

thumbnail

জোনাই ১৬ মে' : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এইবাৰ জোনাইতো বন বিভাগৰ জাননী (forest department notice Jonai) ৷ জোনাইৰ প্ৰস্তাৱিত কবু চাপৰি সংৰক্ষিত বনাঞ্চলত যুগ যুগ ধৰি বসবাস কৰি থকা পৰিয়ালসমূহক অসম চৰকাৰৰ বনাঞ্চল সংৰক্ষণ আৰু পৰিৱেশ উন্নয়ন বিভাগে নিৰ্দেশ দিয়াৰ পিচতে সোমবাৰে জোনাই আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ এটা দলে ঘৰে ঘৰে গৈ এসপ্তাহৰ ভিতৰত বনভূমি খালী কৰি দিবলৈ জাননী প্ৰদান কৰে (eviction notice Kabu Chapori in Jonai) ।

উক্ত সময়সীমাৰ ভিতৰত যদি কোনো পৰিয়ালে স্বেচ্ছাই বনভূমি বেদখলমুক্ত নকৰে, তেন্তে বনাঞ্চল সংৰক্ষণ আৰু পৰিৱেশ উন্নয়নৰ স্বাৰ্থত বন আইন অনুসৰি বিভাগীয়ভাৱে উচ্ছেদ কৰা হ'ব বুলি জানিবলৈ দিয়ে বেদখলকাৰী পৰিয়ালক (forest department eviction notice in Jonai) । ইফালে বন বিভাগৰ জাননী লাভ কৰাৰ পিচত ক্ষোভিত হৈ পৰিছে কবু চাপৰিৰ বাসিন্দাসকল (protest against eviction notice in Jonai) ৷

বানে বিধ্বস্ত কৰা কবু চাপৰিত যুগ যুগ ধৰি বসবাস কৰি থকাৰ পিছত বন বিভাগে হঠাৎ বনাঞ্চল এৰিবলৈ জাননী দিয়াত ক্ষোভিত হৈ পৰিছে ৷ গুলীয়াই মাৰিলেও নিজৰ জন্মভূমি এৰি নাযায় বুলি হুংকাৰ দিয়ে কবু চাপৰিৰ বাসিন্দাসকলে ৷ আনহাতে, চৰকাৰৰ এই জাননী কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলি দাবী কৰিছে কবু চাপৰিৰ ৰাইজে (Kabu Chapori proposed reserve forest) ৷

লগতে পঢ়ক : Drugs addict detained: ধেমাজি ন-পাম গাঁৱৰ ৰাইজে খেদি খেদি ধৰিলে ড্ৰাগছ সেৱনকাৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.