thumbnail

By

Published : Jul 11, 2023, 3:49 PM IST

ETV Bharat / Videos

Constituency delimitation:সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে উত্তাল মুকালমুৱা

নলবাৰী, ১১ জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাৰ মুকালমুৱাতো সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাৰ বিৰোধিতাৰে বৰক্ষেত্ৰী মৌজা সন্মিলনীৰ উত্তাল প্ৰতিবাদ । মুকালমুৱাৰ ৰাজহুৱা প্ৰেক্ষাগৃহৰ পৰা প্ৰতিবাদকাৰীসকলে সমদল উলিয়াই বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰে । উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰা মতে বৰক্ষেত্ৰী সমষ্টিৰ কেইবাখনো গাঁও কৰ্তন কৰি প্ৰস্তাৱিত টিহু আৰু নলবাৰী সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছে ।  

প্ৰতিবাদকাৰীসকলে কয় যে এই খচৰা মতে ভৌগোলিকভাৱে বৰক্ষেত্ৰী সমষ্টিক চেদেলি ভেদেলি কৰা কাৰ্যক অঞ্চলটোৰ ৰাইজে মানি নলয় আৰু ইয়াৰ বিৰুদ্ধে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় । বৰক্ষেত্ৰী মৌজা সন্মিলনৰ উদ্যোগত উলিওৱা প্ৰতিবাদী কাৰ্যসূচীত হাতে হাতে প্লে কাৰ্ড লৈ ‘‘আমাৰ দাবী ন্যায্য দাবী’’,‘‘সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা নামানো’’, ‘‘বৰক্ষেত্ৰী সমষ্টি পূৰ্বৰ দৰে বাহাল ৰাখক’’ আদি শ্লোগানেৰে সাব্যস্ত কৰা হয় তীব্ৰ প্ৰতিবাদ । বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু নিৰ্বাচন আয়োগলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদী ৰাইজে। একেদৰে বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ একাংশ দলীয় নেতা কৰ্মীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰুদ্ধে স্মাৰক পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী আৰু নিৰ্বাচন আয়োগক সমগ্ৰ বিষয়টো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:Artifical flood in Dhemaji: চিলাপথাৰ নগৰৰ পৰা জোনাই সংযোগী পথত পুখুৰী সদৃশ গাঁত

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.