Protest in Dibrugarh: প্ৰতিবাদত কঁপিল ডিব্ৰুগড় - Protest in Dibrugarh

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 10, 2023, 8:08 PM IST

ডিব্ৰুগড়,১০ জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে দুলীয়াজান সমষ্টিৰ অন্তৰ্গত টাই আহোম জনগোষ্ঠীৰ ৯০ শতাংশ অধ্যুষিত অঞ্চল ৰংচঙী আৰু লেংৰাই গাঁও পঞ্চায়তক দুলীয়াজান সমষ্টিৰ পৰা কৰ্তন কৰাৰ বিৰোধিতাৰে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত থকা সময়ত আজি মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰিলে টাই আহোম ছাত্ৰ সন্থাই ।  

ৰংচঙী আৰু লেংৰাই গাঁও পঞ্চায়তক দুলীয়াজান সমষ্টিৰ পৰা কৰ্তন কৰাৰ বিৰোধিতা কৰা লগতে টাই আহোম জনগোষ্ঠীৰ উপাধিক লৈ তুচ্ছ তাচ্ছিল্য ‌‌‌ কৰা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ লগতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে হেংদাঙক লৈ বিতৰ্কিত মন্তব্য কৰাৰ বিৰুদ্ধে আজি টেঙাখাতত ‘‘বিজেপি গ’ বেক’’, ‘‘ৰণজিৎ দাস, ৰূপজ্যোতি কুৰ্মী মুৰ্দাবাদ’’ আদি বিভিন্ন ধৰণৰ শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে সদৌ টাই আহোম ছাত্ৰ সন্থাই ।  

ৰংচঙী আঞ্চলিক আটাছু সমিতিৰ উদ্যোগত আৰু আটাছু টেঙাখাত আঞ্চলিক সমিতি, দুলীয়াজান আঞ্চলিক সমিতি আৰু ভাদৈ আঞ্চলিক সমিতিৰ সহযোগত সোমবাৰে এই প্ৰতিবাদী মানৱ শৃংখল কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় । উক্ত কাৰ্যসূচীত ডিব্ৰুগড় জিলাৰ আটাছুৰ সম্পাদক ৰূপম গগৈ উপস্থিত থাকি ভৱিষ্যতে আহোমক লৈ বিতৰ্কিত মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে । 

লগতে পঢ়ক: Constituency delimitation 2023: সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাক লৈ সন্তুষ্ট অগপ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.