Amrit kalash yatra: বিলাসীপাৰাত অমৃত কলহ যাত্ৰাৰ বৰ্ণাঢ্য আয়োজন

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 8:00 PM IST

thumbnail

বিলাসীপাৰা, 4 অক্টোবৰ : অসমত এতিয়া চলিছে অমৃত কলহ যাত্ৰা ৷ যেনিয়েই চাব তেনিয়েই কেৱল অমৃত কলহ যাত্ৰা ৷ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈকে জনসাধাৰণে চৰকাৰৰ ‘মোৰ দেশ মোৰ মাটি’ শীৰ্ষক কাৰ্যসূচীত পূৰ্ণোদ্যমে সহযোগ আগবঢ়োৱা পৰিলক্ষিত হৈছে ৷

বিলাসীপাৰাৰ চিৰাকুটা গাঁও পঞ্চায়তত ‘মোৰ দেশ মোৰ মাটি’ শীৰ্ষক কাৰ্যসূচীৰ অমৃত কলহ যাত্ৰাৰ বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ণ কৰা হয় । দিল্লীত অমৃত উদ্যান নিৰ্মাণৰ বাবে ভাৰত চৰকাৰে আহ্বান কৰা 'মোৰ দেশ মোৰ মাটি অমৃত কলহ যাত্ৰা' কাৰ্যসূচীত বিলাসীপাৰাবাসীয়ে পূৰ্ণ সঁহাৰি আগবঢ়ায় । বিলাসীপাৰা মহকুমাৰ চাপৰ শালকোচা উন্নয়ন খণ্ডৰ অন্তৰ্গত চিৰাকুটা গাঁও পঞ্চায়তত অমৃত কলহ যাত্ৰা উপলক্ষে চিৰাকুটা পঞ্চায়তখনৰ সভানেত্ৰী শহিদা খাতুনৰ নেতৃত্বত বিশাল শোভাযাত্ৰা উলিওৱা হয় ।

শোভাযাত্ৰাকাৰীসকলে চিৰাকুটা পঞ্চায়তৰ কাৰ্যালয়ত ১০ টা ৱাৰ্ডৰ অমৃত কলহৰ মাটিসমূহ সংৰক্ষিত কৰাৰ পিচতে পঞ্চায়তখনত এখন সভা অনুষ্ঠিত হয় । জাতীয় সংগীতৰে পাতনি মেলা উক্ত সভাত পঞ্চায়তখনৰ সচিবকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : Amrit kalash yatra: নগাঁৱত "অমৃত কলহ যাত্ৰা"ৰ কাৰ্যসূচীত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.