অচিনাকি মহিলাই কেনেকৈ ছুটী মঞ্জুৰ কৰালে কুখ্যাত অপৰাধীৰ

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 6:30 PM IST

thumbnail

গুৱাহাটী, ১৩ ডিচেম্বৰ : মহানগৰীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলাতক অৱস্থাত আছে কুখ্যাত অপৰাধী । হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত আছিল অপৰাধীটো । মন্দিপ ৰাভা নামৰ এই কুখ্যাত অপৰাধীটোক ১২ বছৰ পূৰ্বে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল মহামান্য আদালতে । বকো থানাৰ অধীনত সংঘটিত হোৱা এক হত্যাৰ গোচৰত কাৰাবাস খাটিবলগীয়া হৈছিল মন্দিপে ।

আদালতৰ নিৰ্দেশনা অনুসৰি নিজ ভাতৃয়েহে ছুটী মঞ্জুৰ কৰি লৈ যাব পাৰে কয়েদীক। কিন্তু কেন্দ্ৰীয় কাৰাগাৰৰ বিষয়াসকলৰ গাফিলতিৰ বাবে কোনো অচিনাক্ত মহিলাই ছুটী মঞ্জুৰ কৰি লৈ গৈছিল মন্দিপক । ছুটীৰ ম্যাদ উকলি যোৱাৰ পিচতো আজি পৰ্যন্ত কাৰাগাৰলৈ উভতি অহা নাই ৰাভা । কেন্দ্ৰীয় কাৰাগাৰত চলি থকা চৰম অৰাজকতাৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে । অভিযোগ অনুসৰি, আজি পৰ্যন্ত অসমৰ ২৫ খন কাৰাগাৰত নাই কাৰাগাৰ অধীক্ষক ।

লগতে পঢ়ক : মৰিগাঁও আৰক্ষীৰ জালত 20 টাকৈ চাইবাৰ অপৰাধী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.