Book released in Moran: অসমীয়া ভাষা ৰক্ষাৰ বাবে সচেতন হ'বলৈ আহ্বান সাহিত্য সভাৰ সভাপতিৰ

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 9:01 PM IST

thumbnail

মৰাণ, ১৬ অক্টোবৰ: মৰাণ শাখা সাহিত্য সভাৰ উদ্যোগত মৰাণ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সম্বৰ্ধনা আৰু গ্ৰন্থ উন্মোচনী সভাত মুখ্য উন্মোচক হিচাপে অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাই । এই সভাতে মৰাণ শাখা সাহিত্য সভাৰ সভাপতি নীলকান্ত গগৈৰ "লুপছৌক" নামৰ গ্ৰন্থখন উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি গৰাকীয়ে ।

আনহাতে, অসম চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰাৰ প্ৰসংগত সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাই মন্তব্য প্ৰকাশ কৰি কয় যে এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অভিভাৱক সকলৰ সচেতনতাৰ প্ৰয়োজন । অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাই ছাত্ৰ-ছাত্ৰী সকলৰ লগতে ইংৰাজী মাধ্যমৰ সলনি অসমীয়া মাধ্যমত পঢ়িবলৈ আহ্বান জনায় । তদুপৰি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয় সমূহত যি দুটা বিষয়ত ইংৰাজী ভাষাত পাঠ্যক্ৰম ব্যৱহাৰ কৰিবলৈ নিদেৰ্শ দিছে সেই সম্পৰ্কতো মন্তব্য আগবঢ়াই ড৹ সূৰ্যকান্ত হাজৰিকাই । 

লগতে পঢ়ক:Crime in Dergaon: গৰু নিয়া গাড়ী আগচি ধৰি ধন দাবী কৰা আমছু খিলঞ্জীয়াৰ নেতাসহ গ্ৰেপ্তাৰ চাৰি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.