হৰিনামৰ ধ্বনিৰে মুখৰিত মাজুলীৰ আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰং ক্ষেত্ৰ - সদৌ অসম ভাওনা সমাৰোহ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02-01-2024/640-480-20409458-thumbnail-16x9-majuli-news.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 2, 2024, 1:42 PM IST
মাজুলী, 2 জানুৱাৰী : 10 হাজাৰ মহিলাই দিহানাম পৰিৱেশনৰ বাবে সাজু হৈ উঠিছে মাজুলীত ৷ উল্লেখ্য যে, 18 জানুৱাৰী পৰা মাজুলীৰ আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰং ক্ষেত্ৰত অনুষ্ঠিত হ’ব সদৌ অসম ভাওনা সমাৰোহ 2024 ৷ উক্ত সমাৰোহৰ উদ্বোধনী অনুষ্ঠানতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 10 হাজাৰ মহিলাই একেলগে পৰিৱেশন কৰিব দিহানাম ৷ যাৰ কাৰণে আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰং ক্ষেত্ৰত হাজাৰো অধিক মহিলাই মঙলবাৰে দিহানামৰ অনুশীলন কৰে ৷
ইফালে সদৌ অসম ভাওনা সমাৰোহৰ বাবেও প্ৰস্তুতি তুংগত কৰি তুলিছে আয়োজক কমিটিয়ে ৷ উক্ত ভাওনা সমাৰোহত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 20 টাকৈ ভাওনাৰ দলে অংশগ্ৰহণ কৰিব ৷ সমাৰোহখনিৰ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এই কথা বুলি জানিবলৈ দিছে আয়োজক কমিটিয়ে । উল্লেখ্য যে, মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰই দুবছৰৰ মূৰে মূৰে আয়োজন কৰি আহিছে সদৌ অসম ভাওনা সমাৰোহখনি ৷
লগতে পঢ়ক : মাজুলীৰ সত্ৰসমূহ দৰ্শন কৰি অভিভূত RSS প্ৰধান মোহন ভাগৱত