দিহানামৰ বিশ্ব অভিলেখৰ বাবে গোলাঘাটত ৩৫টা দলৰ আখৰা - দিহানামৰ বিশ্ব অভিলেখৰ বাবে গোলাঘাটত ৩৫টা দলৰ আখৰা
🎬 Watch Now: Feature Video
Published : Nov 21, 2023, 2:54 PM IST
গোলাঘাট, ২১ নৱেম্বৰ: বিগত এপ্ৰিলত ৰাজ্যজুৰি ১১ হাজাৰৰো অধিক বিহুৱা-বিহুৱতীয়ে বিহু নৃত্য পৰিৱেশন কৰি অভিলেখ গঢ়াৰ লগতে একেটা স্থানতে ৩ হাজাৰ ঢুলীয়াই ঢোল বাদন কৰি গিনীজ বুকছ অৱ ৱৰ্ল্ড ৰেকৰ্ডত অভিলেখ স্থাপন কৰে । এইবাৰ ৰাজ্যত ৬০ হাজাৰ নামতীৰে দিহানাম পৰিৱেশন কৰি বিশ্ব অভিলেখ গঢ়িবলৈ যো-জা চলিছে ৷ সদৌ অসম শংকৰ-মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ তত্বাৱধানত দিহানাম পৰিৱেশন কৰি বিশ্ব অভিলেখ গঢ়িবলৈ ৰাজ্যজুৰি চলিছে আখৰা ।
ৰাজ্য়ৰ আন ঠাইৰ লগতে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত বেতিয়নীত সমষ্টিটোৰ ৩৫ টা দলে অংশগ্ৰহণ কৰিছে বিশ্ব অভিলেখৰ আখৰাত। গিনিছ বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে ব্যাপক উচাহ হাজাৰ হাজাৰ মহিলাৰ । সদৌ অসম শংকৰ-মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ তত্বাৱধানত বেতিয়নী মিতালী সংঘত দিহানামৰ প্ৰশিক্ষণ আগবঢ়াইছে সোনমাই গগৈয়ে ।
খুমটাই সমষ্টিৰ ৩৫ টা দলৰ চাৰি শতাধিক মহিলাই ঘৰুৱা জঞ্জালৰ পৰা আঁতৰি বিশ্ব অভিলেখৰ অংশীদাৰ হ'বলৈ চলাইছে প্ৰস্তুতি । দিহানামৰ জৰিয়তে ভক্তিৰসত বুৰ গৈছে সমগ্ৰ বেতিয়নী অঞ্চল । উল্লেখ্য অহা ১৭ ডিচেম্বৰত শিলপুটা সত্ৰ সমন্বয় ক্ষেত্ৰত ৬০ হাজাৰ লোকে একেলগে দিহানাম পৰিবেশন কৰি বিশ্ব ৰেকৰ্ড কৰিবৰ বাবে এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাটতো সম্পূৰ্ণৰূপে সাজু হৈছে ।
লগতে পঢ়ক:World record by Dihanam: ষাঠি হাজাৰ নামতীৰে দিহানামৰ বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য দিহানাম সংৰক্ষণ মঞ্চৰ