Eksharan Bhagwati Samaj: একশৰণ ভাগৱতী সমাজৰ সোণালী জয়ন্তীৰ প্ৰস্তুতিৰ বুজ ল'লে কেশৱ মহন্তই - Preparation of Session of Eksharan Bhagwati Samaj

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 22, 2023, 7:40 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

২৭ জানুৱাৰীৰ পৰা যোৰহাট জিলাৰ মেলেং মেটেলিস্থিত ইলাৰাম দাস বাপঈশ্বৰ ক্ষেত্ৰত আয়োজন কৰা হৈছে একশৰণ ভাগৱতী সমাজৰ সোণালী জয়ন্তী বৰ্ষৰ প্ৰাদেশিক অধিবেশন আৰু মহাপালনামৰ (Session of Golden jubilee of Eksharan Bhagwati Samaj)। চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই একশৰণ ভাগৱতী সমাজৰ সোণালী জয়ন্তী বৰ্ষৰ প্ৰাদেশিক অধিবেশন আৰু মহাপালনামৰ  প্ৰস্তুতিৰ বুজ ল'বলৈ দেওবাৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত অধিৱেশনস্থলীত উপস্থিত হয় (Minister Keshav Mahanta) ।  

মন্ত্ৰীগৰাকীৰ উপস্থিত হোৱাৰ লগে লগে উদ্যোক্তাসকলে উষ্ম আদৰণি জনাই গ্ৰহণ কৰা যাৱতীয় ব্যৱস্থাৰ বিষয়ে অৱগত কৰেমন্ত্ৰীগৰাকীয়েও সকলো ব্যৱস্থাৰ বুজ লৈ উদ্যোক্তাসকলৰ এই প্ৰচেষ্টাক আদৰণি জনায় । তেওঁ একশৰণ ভাগৱতী সমাজৰ সোণালী জয়ন্তী বৰ্ষৰ প্ৰাদেশিক অধিবেশন আৰু মহাপালনামৰ সাফল্য়ৰ  বাবে চৰকাৰৰ পৰা সৰ্বতোপ্ৰকাৰে সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে ।

উল্লেখযোগ্য যে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (CM Dr Himanta Biswa Sarma) লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে (Union Minister Sarbananda Sonowal) প্ৰমুখ্য কৰি কেইবাগৰাকীও কেবিনেট মন্ত্ৰী, সাংসদ-বিধায়কে অংশগ্ৰহণ কৰিব বুলি আয়োজকসকলে সদৰী কৰিছে । ইতিমধ্য়ে সজাই পৰাই তোলা হৈছে অধিৱেশনস্থলী । দহ লাখ ভকতক আদৰিবলৈ দিনে-নিশাই অধিৱেশনস্থলীত কাম-কাজ অব্যাহত ৰাখিছে উদ্যোক্তাসকলে (Preparation of Session of Eksharan Bhagwati Samaj)।  

বৃহৎ আকাৰৰ অধিৱেশনৰ মূল মণ্ডপৰ লগতে দহ হাজাৰ লোকে খাব পৰাকৈ ভোজনালয় নিৰ্মাণ কৰা হৈছে (Session of Eksharan Bhagwati Samaj at Meleng)। এইবাৰ পাঁচ হাজাৰ বুঢ়া ভকত একেলগে বহি জপ কৰিব পৰাকৈ আয়োজকসকলে ব্য়ৱস্থা কৰিছে । অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰৰ সৃষ্টিৰাজিৰ চৰ্চাৰ ক্ষেত্ৰত এক শৰণ ভাগৱতী সমাজে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে । সাধাৰণতে জাকজমকতাৰ পৰিবৰ্তে কেৱল আধ্যাত্মিকতা ৰক্ষা কৰি ভকত বৈষ্ণৱে উক্ত চাৰি দিনতেই হৰি নাম কীৰ্ত্তনত ব্যস্ত থাকিব । আয়োজকসকলে ভকতসকলক আদৰিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাই ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.