thumbnail

শংকৰদেৱ সংঘৰ 93 তম ৰঙিয়া অধিৱেশনৰ প্ৰস্তুতি তুংগত

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 8:10 AM IST

ৰঙিয়া, 4 ডিচেম্বৰ: ৰঙিয়াত অনুষ্ঠিত হ’বলগীয়া শংকৰদেৱ সংঘৰ 93 তম অধিৱেশনলৈ মাজত মাথো দুমাহ । অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ ইতিমধ্যে আদৰণি সমিতিয়ে প্ৰস্তুতি আৰম্ভ কৰিছে । দেওবাৰৰ পৰা আৰম্ভ হৈছে পথাৰৰ নৰা কটা পৰ্ব । 

ৰঙিয়াৰ হাতীখোলাৰ বিশাল মুকলি পথাৰত এইবেলি অনুষ্ঠিত হ’ব অধিৱেশনখন । সেয়েহে ভক্তপ্ৰাণ ৰাইজৰ সুবিধাৰ্থে সংঘৰ ৰঙিয়া শাখাৰ সেৱাদলে পথাৰত নৰা কাটিবলৈ আৰম্ভ কৰিছে । নৰা কাটি ভকতসকলক বহাৰ লগতে শুবলৈ ব‍্যৱস্থা কৰি দিয়াৰ লগতে অধিৱেশনৰ বাবে ঠায়ো মুকলি কৰা হ’ব বুলি আয়োজকসকলে জানিবলৈ দিয়ে । পথাৰত এই নৰা কটা পৰ্বত শতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিছে । 

সমান্তৰালভাৱে, অধিৱেশনস্থলীলৈ যোৱা পথটিৰো মেৰামতিৰ কাম পূৰ্ণ গতিত চলি আছে ।  শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই সভাৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে বুলি জনায় ।

লগতে পঢ়ক: Srimanta Sankaradev Sangha: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া অধিৱেশনৰ লাইখুঁটা স্থাপনত উপস্থিত থাকিব মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.