Madhabdev birth anniversary:মৰিগাঁৱত শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৰ্ৱিভাৱ মহোৎসৱ উদযাপনৰ প্ৰস্তুতি - মাধৱদেৱ
🎬 Watch Now: Feature Video
মৰিগাঁও, 5 জুন : শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ মৰিগাঁও জিলা সমিতিৰ কপিলী আঞ্চলিক শাখাৰ উদ্যোগত মৰিগাঁৱত শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৰ্ৱিভাৱ মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে । মৰিগাঁও জিলা শাখাৰ সৌজন্যত কপিলী আঞ্চলিকৰ উদ্যোগত নৱহতীয়াত অনুষ্ঠিত হ'ব এই মহোৎসৱ । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ সৌজন্যত কপিলী আঞ্চলিক শাখাৰ উদ্যোগত নৱহতীয়াৰ মাধৱদেৱ ক্ষেত্ৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৰ্বিভাৱ মহোৎসৱ ।
আগন্তুক ১০ আৰু ১১ জুনত এলানি বৰ্ণাঢ্য কাৰ্যসূচীক সফল ৰূপ দিবলৈ ইতিমধ্যেই প্ৰস্তুতি তুংগত কৰি তুলিছে আদৰণি সমিতিয়ে । পাঁচখনকৈ উপ সমিতিয়ে অহৰ্নিশে পালন কৰিছে নিজ নিজ দায়িত্ব (Madhabdev birth anniversary) । প্ৰথম দিনাৰ বিভিন্ন কাৰ্যসূচীৰ লগতে নিশা সাংস্কৃতিক মঞ্চত পৰিবেশন হ'বলগীয়া দিহানাম, থিয়নাম, বিয়ানাম, বৰগীত, লোকগীত, হলিগীত আদিৰ লগতে অৰ্জ্জুন ভঞ্জন ঝুমুৰাৰ শিল্পীসকল ব্যস্ত হৈ পৰিছে আখৰাত ।
দ্বিতীয় দিনা বৰ্ণাঢ্য ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ পাচতেই মুকলি সভা অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে ৷ ইয়াৰ লগতে জাতি-বৰ্ণ নিৰ্বিশেষে অঞ্চলৰ তথা জিলাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰে উদযাপন সমিতিৰ সম্পাদক অজিত বৰা সমন্বিতে আদৰণি সমিতিৰ বিষয়ববীয়াসকলে (Preparation of Madhabdev birth anniversary) ।
উলেখ্য যে মৰিগাঁও জিলা শাখাই আয়োজন কৰা মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱত এইবেলি পোন প্ৰথমবাৰৰ বাবে 'বান্ধৱ-মাধৱ' শীৰ্ষক এখনি স্মৃতিগ্ৰন্থও উন্মোচন কৰিব ।
লগতে পঢ়ক : Dhemaji Medical College: ২০২৫ অক্টোবৰত সম্পূৰ্ণ হ'ব ধেমাজি চিকিৎসা মহাবিদ্যালয়; স্বাস্থ্য মন্ত্ৰী